/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/59430af8-6f6b-413d-88ce-f619107fa593/silchhrr.jpg)
ডিজিটেল ডেস্ক : মেঘালয়ৰ-অসম সংযোগী ৬নং ৰাষ্ট্রীয় ঘাইপথৰ সুৰংগ পথত পুনৰ ভূমিস্খলনৰ ঘটনা। যাৰ বাবে স্তব্ধ হৈ পৰিছে যাতায়াত। বুধবাৰৰ পুৱাৰে পৰা বিভাগীয় কৰ্তৃপক্ষই এক্সেভেটৰেৰে বাট মুকলি কৰাৰ চেষ্টা কৰিছে যদিও এই পৰ্যন্ত মুকলি হোৱা নাই পথ। পাহাৰৰ পৰা মাটি-পানী সমান পৰ্যায়ত নামি আহি বন্ধ কৰিছে ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ।
উল্লেখ্য বিগত কেইদিনতো উক্ত পথত ভূমিস্খলনে দেখা দিয়াত বন্ধ হৈ পৰিছিল পথচোৱা। পথ প্ৰাধিকৰণে পথচোৱা মুকলি কৰিছিল যদিও যাত্ৰীক সাৱধানতা অৱলম্বন কৰিবলৈ জাননী জাৰি কৰিছিল। ইয়াৰ পাছত যাতায়ত অব্যাহত আছিল যদিও বুধবাৰৰ পুৱতি নিশাৰ পৰাই বন্ধ আছে উক্ত পথৰ যাতায়ত ব্যৱস্থা।
Also Read: সদ্য ঘোষিত NEET পৰীক্ষাত উজ্বলিল গহপুৰৰ চন্দ্রপল...