সদ্য ঘোষিত NEET পৰীক্ষাত উজ্বলিল গহপুৰৰ চন্দ্রপল...

আনৰ ঘৰত থাকি মেট্ৰিক দিয়া চন্দ্ৰপলৰ সাফল্যত উৎফুল্লিত দৰিদ্ৰ পিতৃ-মাতৃ...
সদ্য ঘোষিত NEET পৰীক্ষাত উজ্বলিল গহপুৰৰ চন্দ্রপল...
Published on
Updated on

ডিজিটেল ডেস্ক : সদ্য ঘোষিত NEET পৰীক্ষাৰ ফলাফলত ৬২৪ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈ জিলিকি উঠিল গহপুৰৰ বান বিধ্বস্ত এলেকা হিচাপে পৰিচিত ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া ঠুটে চাপৰিৰ চন্দ্ৰপল পাটগিৰি। শংকৰদেৱ শিক্ষা নিকেতন, গহপুৰৰ প্ৰথমটো বেটচৰ ছাত্র চন্দ্ৰপলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ পৰীক্ষাত ৮৬.২০% নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছিল।

অতি দৰিদ্র পৰিয়ালৰ মেধাৱী ছাত্র চন্দ্রপলে ষষ্ঠ শ্ৰেণীৰ পৰা বৰঙাবাৰীৰ বৰসূতা গাঁৱৰ ঘন শইকীয়াৰ ঘৰত থাকি পঢ়া-শুনা কৰি বৰঙাবাৰীৰ যাদৱ গোস্বামী জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা (২০২০)ত অৱতীর্ণ হৈ ডিষ্টিংচন সহ (৯১.১৬% ) সুখ্যাতিৰে উত্তীর্ণ হৈছিল। পিছত মেধাৱী ছাত্রজনক শৈলজা সংকল্প ন্যাসৰ চেয়াৰমেন তথা মানৱদৰদী ব্যক্তি উদয় আদিত্য গোস্বামীয়ে শংকৰদেৱ শিক্ষা নিকেতন, গহপুৰৰ আৱাসিক বিদ্যালয়ত ৰাখি সম্পূর্ণ বিনামূলীয়াকৈ পঢ়াৰ সুবিধা কৰি দিছিল।

মঙ্গলবাৰে ঘোষিত NEET পৰীক্ষাৰ ফলাফলত উত্তীর্ণ হোৱা চন্দ্রপলে AIMSত নামভর্তি কৰিবলৈ সুবিধা পোৱাৰ সম্ভাৱনা আছে। অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি এই পৰ্যায় পোৱা চন্দ্ৰপল এক আদৰ্শ বুলি অভিহিত কৰিছে বিদ্বৎ মহলে। তেওঁ ঠুটে চাপৰিৰ সাধাৰণ কৃষক মণ্টু পাটগিৰি আৰু মঞ্জু পাটগিৰিৰ সুযোগ্য সন্তান।

উল্লেখযোগ্য যে- চন্দ্ৰপলৰ ঘৰৰ অৱস্থা অতি দৰিদ্ৰ হোৱাৰ কাৰণে ঘন শইকীয়া আৰু তেওঁৰ পুত্ৰ অসীম শইকীয়াই চন্দ্ৰপলক তেওঁলোকৰ ঘৰলৈ পঢ়োৱাবৰ বাবে নিছিল। ঘন শইকীয়াৰ পৰিয়ালটোৱে তেওঁক পৰিয়ালৰ সদস্যৰ দৰে মৰম-চেনেহ কৰি পঢ়াৰ সকলো সুবিধা কৰি দিছিল।পৰিয়ালটোৰ সহায়-সহানুভূতি আৰু আদৰ-মৰমৰ বাবে তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হ'ল। ইয়াৰ পিছত তেওঁৰ শৈক্ষিক জীৱনটোক আগবঢ়াই নিলে উদয় আদিত্য গোস্বামীয়ে।

সদ্য ঘোষিত NEET পৰীক্ষাত উজ্বলিল গহপুৰৰ চন্দ্রপল...
কাজিৰঙাত অংগনবাদী কেন্দ্ৰৰ দুৰৱস্থা: নূন্যতম সুবিধাও পোৱা নাই শিশুসকলে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in