হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই প্ৰশ্নকাকত ফাদিল

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই প্ৰশ্নকাকত ফাদিল

ডিজিটেল ডেস্কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি প্ৰথমটো দিন ৷ কঠোৰ নিৰাপত্তাৰ মাজত ৰাজ্যত পুৱাৰে পৰা আৰম্ভ হৈছে পৰীক্ষা ৷ কিন্তু পৰীক্ষা আৰম্ভনিৰ ৩০মিনিটৰ ভিতৰত কাছাৰত ফাদিল হ'ল প্ৰশ্নকাকত ৷

ছ’ছিয়েল মিডিয়াত ভাইৰেল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাৰ ইংৰাজী বিষয়ৰ প্ৰশ্ন কাকত ৷ কাছাৰৰ বাশকান্দি নেনা মিয়া পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰশ্ন কাকত ফাদিল হোৱাৰ অভিযোগ ৷ কেন্দ্ৰত নিয়োজিত শিক্ষক হায়দৰ হুছেইন মজুমদাৰে প্ৰশ্ন কাকত ফাদিল কৰাৰ অভিযোগ ।

এইবাৰ বিতৰ্কহীন ভাৱে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ কঠোৰ হৈছিল ৰাজ্য চৰকাৰ ৷ পিছেপ্ৰশ্ন কাকত ফাদিলৰ ঘটনাত পুনৰ বিতৰ্কৰ কেন্দ্ৰবিন্দুত ছেবা ৷

উল্লেখযোগ্য যে শুকুৰবাৰৰ পৰা অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। আজিৰ পৰা আৰম্ভ হোৱা এই পৰীক্ষা ৪ মাৰ্চলৈ চলিব। চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ৰাজ্যৰ মুঠ ৯১৩ টা কেন্দ্ৰত অনুষ্ঠিত হৈছে আৰু পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৪,২৭,৯২২ গৰাকী।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই প্ৰশ্নকাকত ফাদিল
ৰাষ্ট্ৰীয় মাষ্টাৰ গেমচত জিলিকিল নগাঁৱৰ ড০ জুনু দেৱী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in