ৰাষ্ট্ৰীয় মাষ্টাৰ গেমচত জিলিকিল নগাঁৱৰ ড০ জুনু দেৱী

উল্লেখযোগ্য় যে ড০ দেৱীয়ে শ্বটপুট আৰু ডিছকাছ শাখাত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় মাষ্টাৰ গেমচত জিলিকিল নগাঁৱৰ  ড০ জুনু দেৱী

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ ননৈ মহাবিদ্যালয়ৰ গানণিক ড০ জুনু দেৱীয়ে ৰাষ্ট্ৰীয় মাষ্টাৰ গেমচত জেভলিন থ্ৰ'ত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। গোৱাত ৮ ফেব্ৰুৱাৰীৰ পৰা ১৩ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত এই প্ৰতিযোগিতাত(৫৫বছৰ উৰ্ধৰ)ড০ জুনু দেৱীয়ে এই সফলতা লাভ কৰিবলৈ সক্ষম হয়।

Advertisment

উল্লেখযোগ্য় যে ড০ দেৱীয়ে শ্বটপুট আৰু ডিছকাছ শাখাত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। তেওঁৰ এই সফলতাত ননৈ মহাবিদ্যালয়ৰ লগতে অঞ্চলটোৰ লোকসকল উৎফুল্লিত হৈ পৰিছে।

উল্লেখ যে ইয়াৰ আগতে ২০২৩ বৰ্ষত ডিফুত অনুষ্ঠিত অসম মহিলা এথেলেটিক্স প্ৰতিযোগিতাত উল্লিখিত তিনিটা শাখাত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল ড০ জুনু দেৱী।

Also Read: আজি দেশত 'গ্ৰামীণ ভাৰত বন্ধ'

bebejiya national master games goa