/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/5334eeee-af42-441a-bf13-9aa09c2915d5/mijh.jpg)
অভিযুক্ত বিশ্বজিৎ কালিন্দী
ডিজিটেল ডেস্ক: ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি অপৰাধমূলক ঘটনা। হত্যা, ধৰ্ষণ, লুণ্ঠন আদি ঘটনাই শংকিত কৰি তুলিছে জনসাধাৰণক। ইয়াৰ মাজতে কাছাৰৰ পৰা এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে।
দেওবাৰে কাছাৰৰ ধলাইৰ ৰুকনি চাহ বাগিচাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড। স্ক্ৰুড্রাইভাৰেৰে হানি মানসিক বিকাৰগ্রস্ত যুৱকক হত্যা কৰে এক যুৱকে।
নিহত মানসিক বিকাৰগ্রস্ত যুৱকজনৰ নাম নিৰ্মল নাথ বুলি জানিব পৰা গৈছে। বিশ্বজিৎ কালিন্দী নামৰ এজন যুৱকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হৈছে।
ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত বিশ্বজিৎ কালিন্দীক। দুয়োৰে মাজত সৃষ্টি হোৱা কাজিয়াৰ ফলত সংঘটিত এই হত্যাকাণ্ড হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
আৰু পঢ়ক: 'সমতাৰ ছন্দৰে জীৱনৰ জয়গান' শীৰ্ষক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা...