'সমতাৰ ছন্দৰে জীৱনৰ জয়গান' শীৰ্ষক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা...

দেওবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত ''সমতাৰ ছন্দৰে জীৱনৰ জয়গান'' শীৰ্ষক এক অনুষ্ঠানত অংশ গ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
'সমতাৰ ছন্দৰে জীৱনৰ জয়গান' শীৰ্ষক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা...

ডিজিটেল ডেস্ক: দেওবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত ''সমতাৰ ছন্দৰে জীৱনৰ জয়গান'' শীৰ্ষক এক অনুষ্ঠানত অংশ গ্ৰহণ কৰে। ডাঃ হেডগেৱাৰ স্মাৰক সমিতিৰ দ্বাৰা পৰিচালিত বাল্মীকি সংগীত বিদ্যালয়ৰ উদ্যোগত ভাৰতবৰ্ষৰ সংবিধান প্রণেতা, ভাৰতৰত্ন ড০ ভীমৰাও আম্বেদকাৰৰ পূণ্য তিথি উপলক্ষে এই অনুষ্ঠানৰ আয়োজন হয়।

Advertisment

অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ডা: হেডগেৱাৰ স্মাৰক সমিতিৰ দ্বাৰা পৰিচালিত বাল্মীকি সংগীত বিদ্যালয়ে গুৱাহাটীৰ বিভিন্ন স্থানৰ চাফাই কৰ্মীসকলৰ সন্তানৰ সাংস্কৃতিক বিকাশৰ বাবে লোৱা পদক্ষেপ সমূহে নতুন সম্ভাবনাৰ বাৰ্তা কঢ়িয়াই আনিছে। এই বিদ্যালয়ে লোৱা পদক্ষেপৰ বহিঃপ্রকাশ হিচাপে আজি ছাত্র-ছাত্রীসকলে পৰিৱেশন কৰা ভোৰতাল নৃত্য, বিহু নৃত্যকে ধৰি পাঞ্জাব, বিহাৰ আৰু দক্ষিণ ভাৰতৰ নৃত্য, দেশপ্রেমমূলক গীত আৰু নৃত্যৰ অনুষ্ঠান প্ৰত্যক্ষ কৰি তেওঁ আপ্লুত হোৱা বুলি কয়।

তেওঁ কয় যে শিক্ষার্থীসকলে তেওঁলোকৰ এই সাংস্কৃতিক অনুশীলন অব্যাহত ৰাখিব লাগিব। যাতে ভবিষ্যতে তেওঁলোকৰ পাৰদর্শিতা আৰু সুনাম অধিক বৃদ্ধি পায়। তেওঁ অনুষ্ঠানত ভাগ লোৱা প্ৰতিগৰাকী অংশগ্রহণকাৰীৰ শলাগ লোৱাৰ লগতে আয়োজক সমিতি, চাফাই কৰ্মীসকল, সত্ৰাধিকাৰসকল আদিকে ধৰি সকলোকে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।

আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্র মাৰ্ঘেৰিটা, অসম চৰকাৰৰ গৃহনির্মাণ আৰু নগৰ উন্নয়ন আদি বিভাগৰ মন্ত্ৰী অশোক সিংহল, পর্যটন আদি বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱা, চাহ জনগোষ্ঠী কল্যাণ আদি বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ, মাজুলীৰ শ্রীশ্রী দক্ষিণ পাট সত্ৰৰ সত্ৰাধিকাৰ নম গোপাল দেৱগোস্বামী, শ্রীশ্রী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনার্দন দেৱগোস্বামী, শ্রীশ্রী চমৰীয়া সত্ৰৰ সত্ৰাধিকাৰ নিগমানন্দ অধিকাৰী, শ্রীশ্রী ঈশ্বৰ হাতী সত্ৰৰ সত্ৰাধিকাৰ ৰাজীৱ লোচন সন্ত, পদ্মশ্রী ঘণকান্ত বৰা, ডাঃ হেডগেৱাৰ স্মাৰক সমিতিৰ সভাপতি ড° ভূপেশ শর্মা, সাহিত্য অকাডেমি বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, আদিকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

আৰু পঢ়ক: কেৱল নিৰ্বাচনৰ পূৰ্বে বিতৰ্কিত মন্তব্যৰ বাবে চৰ্চাত কিয় আজমল?

assam himanta biswa sarma