এতিয়াও ভয়ংকৰ শিলচৰৰ বান পৰিস্থিতি, পানীৰ তলত ঘৰ-দুৱাৰ সকলো…

এতিয়াও ভয়ংকৰ শিলচৰৰ বান পৰিস্থিতি, পানীৰ তলত ঘৰ-দুৱাৰ সকলো…

author-image
asomiyapratidin
New Update
বানপানীৰ স্থায়ী সমাধানৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত পি আই এল…

ডিজিটেল সংবাদ, শিলচৰ: শিলচৰ চহৰৰ  বান পৰিস্থিতি এতিয়াও অতি ভয়ংকৰ। মে' মাহৰ বানপানীত বেটুকান্দিত মথাউৰী ভাগিছিল। কিন্তু কোনো ধৰণৰ জৰুৰীকালীন  নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে বানত ডুবিছে শিলচৰ।বিলপাৰ, পাব্লিক স্কুল ৰোড, কনকপুৰ, সোনাই ৰোড, ৰংগিৰখাৰী, দাস কলনি, মালিনীবিল, শৰৎপল্লী, ৰাধামাধৱ ৰোডৰ চহৰখনৰ দূৰৱৰ্তী অঞ্চলৰ পৰিস্থিতি ভয়ংকৰ। হাজাৰ হাজাৰ লোক এতিয়াও পানীৰ তলত আছে।

Advertisment

উদ্ধাৰকাৰী দলে এতিয়ালৈকে বহুতো অঞ্চলত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা নাই। বন্যাৰ্তই এতিয়া খোৱা পানী আৰু খাদ্যৰ বাবে অভাৱত ভুগি আছে। মোবাইল ফোন সেৱা বন্ধ হোৱাৰ বাবে তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পৰা হোৱা নাই।অৱশ্যে ইয়াৰ মাজতে সেনা, এনডিআৰএফে বিভিন্ন স্থানলৈ ৰেচন আৰু পানী যোগান ধৰিছে।

যদিও শিলচৰ চহৰ, উপনগৰ আৰু কাছাৰ জিলাৰ বাৰাখলা, কাটিগড়া আৰু সোনাই চামষ্টিৰ বিভিন্ন এলেকাত ৪ দিনৰ বাবে খোৱা পানী আৰু খাদ্য সামগ্ৰী হেলিকপ্টাৰেৰে পেলাই দিয়া হৈছে তথাপিও বেছিভাগ বন্যাৰ্তই সুবিধা পোৱা নাই।

শিলচৰ চহৰৰ শৰৎপল্লী অঞ্চলৰ সোনাই ৰোডৰ পাব্লিক স্কুল ৰোডত তীব্ৰ পানীৰ প্ৰবাহৰ বাবে উদ্ধাৰকাৰী দলটোৱে প্ৰেড নাও বা নাও লৈ তালৈ যাব পৰা নাই।শিলচৰ চহৰৰ কনকপুৰত এতিয়াও প্ৰায় ৩০০ জন লোক পানীত আৱদ্ধ হৈ আছে।

৩-৪ ফুট উচ্চতাত  বানপানী এতিয়াও তীব্ৰ গতিত অঞ্চলটোত প্ৰৱেশ কৰি আছে। মানুহে পানী আৰু খাদ্যৰ বাবে আৰ্তনাদ কৰি আছে। ইফালে, খোৱা পানী আৰু খাদ্য শিলচৰ চহৰৰ শৰৎপল্লী অঞ্চলৰ বিলপাৰ, সোনাই ৰোডৰ পাব্লিক স্কুল ৰোডত একাংশ স্থানলৈ লৈ যোৱা হৈছিল যদিও ই পৰ্যাপ্ত নহয়। যাৰ বাবে হাজাৰ হাজাৰ লোকক খাদ্যৰ বাবে ৰংগিৰখাদী আৰু হাস্পাতাল ৰোডত ভিৰ কৰা দেখা যায়।

পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বন্যাৰ্ত লোকসকলক সহায় কৰিবলৈ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ বহুতো স্বেচ্ছাসেৱী সংগঠন, ব্যক্তি আৰু প্ৰতিষ্ঠান আৰু ৰাজনৈতিক নেতা আগবাঢ়ি আহিছে। বিধায়ক কৃষ্ণেন্দু পল, বিধায়ক কমলাক্ষ দে পুৰকায়স্থ, বিধায়ক দিপায়ান চক্ৰৱৰ্তী, বিধায়ক মিহিৰ কান্তি সোম, টিভিএছ মটছ কৰিমগঞ্জে ভুক্তভোগীসকলৰ কাষত সকাহ  ঠিয় হৈছে।

তেওঁলোকৰ উদ্যোগত দেওবাৰে পানী, শিশুৰ খাদ্য, পিঠা আৰু মমবাতি আদি বন্যাৰ্ত সকলক দিয়া হয়। অৱশ্যে, বহুলোকক সামগ্ৰী বিতৰণ কৰিবলৈ সক্ষম নহয়।

ইফালে, শিলচৰ চহৰত বানপানীত আৰু তিনিজন লোকৰ মৃত্যু হয়। তেওঁলোকৰ দুজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

আৰু পঢ়ক: ১ মিনিটত ২৫ খবৰ…

assam flood Silchar