১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১)এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ। শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে DGPক দিয়ে এই নিৰ্দেশ।

২)অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই দেওবাৰে গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে আয়োজিত এক বিশেষ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লয় | 

৩)চৰাইদেউ পৰ্বত বাগিচাত এগৰাকী নবছৰীয়া শিশু বলাৎকাৰ কৰা অভিযোগত প্ৰবীণ গড় (২৪) নামৰ এটা লম্পটক দেওবাৰে আৰক্ষীয়ে আটক কৰিছে ৷

৪)দেওবাৰে কইনা ধৰাত মুখ্যমন্ত্ৰীৰ সৈতে গোপন বৈঠকত মিলিত হয় আছু। উপস্থিত থাকে আছুৰ শীৰ্ষ নেতৃত্ব।

৫) ৰেডিশ্বন ব্লুৰ পৰা একনাথ সিন্ধেৰ নেতৃত্বত চলা উদ্ধৱ থাকৰে হটাও অভিযান অব্যাহত আছে। ইজনৰ পাছত সিজন শিৱসেনাৰ বিধায়ক আহি যোগ দিছেহি সিন্ধেৰ শিবিৰত।আজি পুনৰ মহাৰাষ্ট্ৰৰ পৰা গুৱাহাটীলৈ বিধায়ক আহে।

৬)ডবকাৰ চৌধুৰীবজাৰত চাঞ্চল্যকৰ ঘটনা। দেওবাৰ সংঘটিত হয় এই ঘটনা। মোৰাঝাৰ আৰক্ষী বিষয়া বিজয় কৃষ্ণ নাথক হত্যাৰ চেষ্টা কৰাৰ অভিযোগ।

৭)নগাঁও জিলাত জ্বলাই দিয়া হ'ল প্ৰায় পোন্ধৰ কোটি টকাৰ ড্ৰাগছ ৷ আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে নগাঁও আৰক্ষীয়ে এই বৃহৎ সংখ্যক ড্ৰাগছ ৰাজহুৱা ভাৱে জ্বলাই দিয়ে ৷

৮)ভাৰতৰ নীল অৰ্থনীতি ত্বৰান্বিত কৰিব পৰা ধাৰণা আৰু উদ্ভাৱনৰ বিষয়ে আলোচনা আৰু চিন্তা-চৰ্চা কৰিবলৈ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়ে কৰ্ণাটকত ৩ দিনীয়া কাৰ্যসূচীৰে এক বৈঠক অনুষ্ঠিত কৰে।

৯)বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত নগাঁও-মৰিগাঁও জিলাৰ সীমামূৰীয়া কাকমাৰী, চাবুকধৰা, ভকতগাঁও পঞ্চায়তৰ বানবিধ্বস্ত অঞ্চল সমূহত দেওবাৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য ৰোহিনী বৰা আৰু দলংঘাট মণ্ডল সমিতিৰ বিষয়ববীয়া তথা কাৰ্যকৰ্তা সকলে বান সাহাৰ্য্য প্ৰদান কৰে।

১০)বানৰ মাজত চোৰ ৷ বানত ডুবি থকা নেহৰুবালিত চুৰি কৰি ধৰা পৰিল ভোলা ৷কৰায়ত্ব কৰা চোৰ ভোলাৰ ঘৰ নগাঁৱৰে কদমতলাত ৷

১১)নগাঁও জিলাৰ বটদ্ৰৱা সাংবাদিক সন্থাৰ উদ্যোগত দেওবাৰে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বৃহত্তৰ বটদ্ৰৱা অঞ্চলৰ শতাধিক ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।

১২)ৰিপুন বৰাৰ ওপৰত অসন্তুষ্ট দলৰে নেতা ৷তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সমিতিৰ সাধাৰন সম্পাদক চিত্ত ৰঞ্জন পালে দলটোৰ পৰা পদত্যাগ কৰি ৰাজ্যিক সভাপতিলৈ এক পদত্যাগ পত্ৰ প্ৰদান কৰিছে ৷

১৩)ৰহাৰ বাৰপূজীয়া বোকাবিলত অঘটন।বাঢ়নী পানীত উটি গ'ল তিনিটি কিশোৰ।সৌভাগ্যক্রমে প্রাণ ৰক্ষা দুটি কিশোৰৰ।সন্ধানহীন ভূপেন বৰদলৈ নামৰ এটি কিশোৰ।

১৪)ঋতুকালীন এই ৰজা ফল আমৰ বহু সংখ্যক থলুৱা অপৰিচিত প্ৰজাতিৰ স'তে ফল ৰসিক ব্যক্তিক পৰিচয় কৰি দিয়াৰ লগতে থলুৱা আমৰ এখন বহনক্ষম বজাৰ সৃষ্টিৰ উদ্দেশ্যেৰে দেওবাৰে ঢকুৱাখনাত অনুষ্ঠিত হয় আম মেলা-২০২২ ।

১৫) নগাঁৱৰ দুশ পঞ্চাচটা বন্যাৰ্ত পৰিয়াললৈ নগাঁৱৰ এক শৈক্ষিক প্ৰতিস্হানে আগবঢ়ালে বান সাহাৰ্য ৷ শৈক্ষিক প্ৰতিষ্ঠান ডাচোৱানী ক্লাচেচৰৰ ডাচোৱানী ফাউণ্ডেশ্বনে আগবঢ়াইছে এই বান সাহাৰ্য ৷

১৬)বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়াৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী দলে দেওবাৰে নুমলীগড় তিনিআলিৰ পৰা AR60 GD5060 নম্বৰৰ এখন ট্ৰাকসহ আটক কৰে লোক কেইজনক।

১৭)মোম্বাইত অনুষ্ঠিত থাই নেশ্যনেল চেম্পিয়নশ্বীপত নগাঁৱলৈ গৌৰব কঢ়িয়াই আনিছে নুপূৰ বৰাই ৷ প্ৰতিযোগিতাখনিত নুপূৰ বৰাই বস্কিঙত দুৰ্দান্ত প্ৰদৰ্শনেৰে সোনৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷

১৮) অসম সাহিত্য সভাৰ মুম্বাই স্বৰ্ণ শাখাই ২৫ জুনৰ বিয়লি গুগুল মিটৰ জৰিয়তে সাহিত্যিক শ্ৰীমতী অনুৰাধা শৰ্মা পূজাৰীৰ সৈতে এটি অন্তৰংগ আলাপৰ আয়োজন কৰে। 

১৯)ঢকুৱাখনা মহকুমাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বাসুদেৱ বাটচৰা মুখত দেওবাৰে  সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। পানীত পৰি মৃত্যু কিশোৰৰ।

২০)মায়ঙৰ নেকেৰাহাবীত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ।বানপানীত পৰি আছিল মহিলা গৰাকীৰ মৃতদেহ। মহিলা গৰাকীৰ নাম সৰস্বতী বিশ্বাস।

২১)বিধায়ক অতুল বৰাৰ বাসগৃহৰ পৰা ৫ টা আম চুৰি। দিছপুৰ আৰক্ষীয়ে আটক কৰে সুভাষ বৰ্মনক।

২২)ধুবুৰীৰ গৌৰীপুৰৰ গদাধৰ নৈত যুৱকৰ মৃতদেহ উদ্ধাৰ। মৃতদেহটো গৌৰীপুৰৰ ১১নং ৱাৰ্ডৰ পিণ্টু দেৱাৰীৰ বুলি চিনাক্ত।

২৩)তিনিচুকীয়া আই অ' চি কলনীৰ বহুচৰ্চিত ৰেণু গগৈ চাংমাইৰ হত্যাকাণ্ডৰ ৰায়দান। হত্যাকাৰী উজ্বল কোঁৱৰক যাৱজ্জীৱন কাৰাদণ্ড।

২৪)দ্ৰুত গতিত গাড়ী চলোৱা আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰনে পথৰ ডিভাইডাৰত ৰিফ্লেকচন চিগনেল লাইট নলগোৱাৰ বাবে এক দূৰ্ঘটনা সংঘটিত হয় নগাঁৱৰ শেনচোৱাত ৷ দুৰ্ঘটনাটোৰ ফলত ছজনকৈ লোক আহত হয় ৷

২৫)পুনৰ সুকীয়া বড়োলেণ্ড গঠনৰ প্ৰসংগ ! কাজলগাঁৱত বড় ন্যশ্যনেল ষ্টুডেণ্টচ ইউনিয়ন চমুকৈ বনছুৰ সংবাদ মেল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in