পাৰিবাৰিক কণ্ডলৰ ভয়ংকৰ পৰিণতিঃ গুলীবিদ্ধ হৈ চিকিৎসাধীন এজন...

পাৰিবাৰিক কণ্ডলৰ ভয়ংকৰ পৰিণতিঃ গুলীবিদ্ধ হৈ চিকিৎসাধীন এজন...
পাৰিবাৰিক কণ্ডলৰ ভয়ংকৰ পৰিণতিঃ গুলীবিদ্ধ হৈ চিকিৎসাধীন এজন...

ডিজিটেল ডেস্কঃ কাছাৰৰ বৰখলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দুই ফৈদৰ মাজত সংঘটিত হৈছে এক গুলীচালনাৰ ঘটনা। এই ঘটনাত আহত হৈছে এজন লোক।

জানিব পৰা মতে পাৰিবাৰিক বিবাদৰ বাবেই সংঘটিত হৈছে এই ঘটনা। প্ৰথমে দুই পক্ষৰ মাজত মাৰপিটৰ হোৱাৰ পাছতে সংঘটিত হয় এই গুলীচালনাৰ ঘটনা। উল্লেখ্য যে, বৰখলাৰ শুভং জিপিৰ তেলিয়া পুঞ্জিৰ একেটা পৰিয়ালৰ বাসিন্দা উকিলৰ লেমিনকৰ আৰু ডিমছ পোপলেটৰ মাজত দীৰ্ঘদিন ধৰি কাজিয়া চলি আহিছিল।

মঙ্গলবাৰে এই কাজিয়াই ভয়ংকৰ ৰূপ লয় ৷ আৰম্ভ হয় দুয়োজনৰ মাজত মাৰপিট৷ দুয়োৰে মাজত মাৰপিট চলি থকাৰ মাজতে পোপলেটে হঠাৎ বন্দুকেৰে লেমিনকৰলৈ লক্ষ্য কৰি গুলী চালনা কৰে ৷

ফলত গুলীবিদ্ধ হয় লেমিনক ৷ লগে লগে আহত লেমিনকক বৰখলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় ৷ ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় স্থানীয় আৰক্ষীৰ এটা দল। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পোপলেটক ৷

ধৃত পোপলেটকৰ স্বীকাৰউক্তিৰ ভিত্তিত ঘৰত তলাচী চলাই আৰক্ষীয়ে এটা হস্তনিৰ্মিত বন্দুক জব্দ কৰে। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

পাৰিবাৰিক কণ্ডলৰ ভয়ংকৰ পৰিণতিঃ গুলীবিদ্ধ হৈ চিকিৎসাধীন এজন...
বশিষ্ঠৰ বিজেপি কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠকঃ সম্বিত পাত্ৰ, হিমন্ত বিশ্বই কৰিব অংশগ্ৰহণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in