বশিষ্ঠৰ বিজেপি কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠকঃ সম্বিত পাত্ৰ, হিমন্ত বিশ্বই কৰিব অংশগ্ৰহণ...
বশিষ্ঠৰ বিজেপি কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠকঃ সম্বিত পাত্ৰ, হিমন্ত বিশ্বই কৰিব অংশগ্ৰহণ...

বশিষ্ঠৰ বিজেপি কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠকঃ সম্বিত পাত্ৰ, হিমন্ত বিশ্বই কৰিব অংশগ্ৰহণ...

ডিজিটেল ডেস্কঃ মঙ্গলবাৰে নতুন দিল্লীত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰে অসমৰ কংগ্ৰেছ নেতাৰ বৈঠকৰ পাছতে তৎপৰ হৈ পৰিছে অসম বিজেপিও। ২০২৪ লোকসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি নতুন দিল্লীত কংগ্ৰেছে ৰণনীতি প্ৰস্তুত কৰাৰ পাছতে আজি বশিষ্ঠৰ বাজপেয়ী ভৱনত বিজেপিয়ে আহ্বান কৰা বৈঠক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

গুৱাহাটীৰ বশিষ্ঠৰ বাজপেয়ী ভৱনত অনুষ্ঠিত হ'বলগীয়া এই বৈঠকত অসমেই নহয় উত্তৰ পূৰ্বাঞ্চলক কেন্দ্ৰ কৰি আলোচনা হ'ব। এই বৈঠকত অংশগ্ৰহণ কৰিব লোকসভা বিস্তাৰকসকলে।

ইয়াৰোপৰি বৈঠকত উপস্থিত থাকিব বিজেপিৰ উত্তৰ পূৰ্বাঞ্চলৰ সংযোজক সম্বত পাত্ৰ। জানিব পৰা মতে বৈঠকত অসম, ত্ৰিপুৰাকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ ৰাজ্যিক বিজেপিৰ সভাপতি এই বৈঠকত উপস্থিত থকাৰ উপৰিও অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো অংশগ্ৰহণ কৰিব।

বশিষ্ঠৰ বিজেপি কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠকঃ সম্বিত পাত্ৰ, হিমন্ত বিশ্বই কৰিব অংশগ্ৰহণ...
লোকসভাত দিলীপ শইকীয়াৰ পথৰুঘাটৰ ৰাষ্ট্ৰীয় কৃষক ছহিদ স্মাৰক বিধেয়ক উত্থাপন

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in