চিলাপথাৰত দিনজোৰা কাৰ্যসূচীয়ে অনুষ্ঠিত আঞ্চলিক ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন...

চিলাপথাৰত দিনজোৰা কাৰ্যসূচীয়ে অনুষ্ঠিত আঞ্চলিক ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন...

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত দিনজোৰা কাৰ্যসূচীয়ে অনুষ্ঠিত আঞ্চলিক ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন...

ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থা মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা বাৰ্ষিক অধিবেশনৰ পুৱা পতাকা উত্তোলনৰ পিছতে শ্বহীদ তৰ্পন কৰে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক দীপক শৰ্মাই। কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিকাশ মিছং,ধেমাজি জিলা আছু'ৰ সভাপতি সঞ্জীৱ দাস আৰু সম্পাদক জয়ন্ত বৰগোহাঁইৰ উপস্থিতিত অনুষ্ঠিত হ'ল প্ৰতিনিধি সভা।

Advertisment

প্ৰতিনিধি সভাত ছাত্ৰ সন্থাই সাংগঠনিক দিশ আৰু নতুন সমিতিৰ গঠনৰ লগতে বহু গুৰুত্বপূৰ্ণ আলোচনা সম্পন্ন কৰে। সমান্তৰালকৈ চিলাপথাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ সমস্যাৰ ওপৰতো সম্পন্ন হয় বিশদ আলোচনা।

এদিনীয়া কাৰ্য্যসূচীৰে ৰূপায়ন কৰা অধিবেশনত নতুনকৈ গঠন হ'ব লগা সমিতিক নতুন চিন্তাধাৰাৰে প্ৰগতিশীল সমাজ গঢ়াৰ লক্ষ্যৰে আগবাঢ়িবলৈ আহ্বান জনায় সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ দেবেন ডেকাই। অধিৱেশনত আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত বিভিন্ন শাখা, বিদ্যালয়ৰ প্ৰতিনিধি উপস্থিত থাকে।

Also Read: অসম বৈভৱ, অসম সৌৰভ, অসম গৌৰৱঃ ২২ গৰাকী বিশিষ্ট ব্যক্তিলৈ ৰাজ্য চৰকাৰৰ বিশেষ সন্মান

চিলাপথাৰ