/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/581cb5be-bd2e-490e-baa4-76b0197dc2c8/AP_FOR_WEB_award.jpg)
ডিজিটেল ডেস্কঃ মঙলবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰা হয়। দেশৰ উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ে, ৰাজ্যপাল গোলাপ চান্দ কাটৰিয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হয়।
উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যয়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈলৈ এইবাৰ ৰাজ্য চৰকাৰে আগবঢ়াইছে ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁক এই সন্মান প্ৰদান কৰে।
আনহাতে অসম সৌৰভ বঁটা প্ৰদান কৰা হয় মুঠ চাৰিগৰাকী বিশেষ ব্যক্তিলৈ। উল্লেখ্য যে, চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ইউকেস্ক'লৈ দচিয়াৰ প্ৰেৰণ কৰা হৈছিল। সেই দচিয়াৰ প্ৰস্তুত কৰাৰ লগতে চৰাইদেউ মৈদামৰ সুৰক্ষা আৰু ইউনেস্ক'ৰ নিৰ্দেশনাসমূহ পালন কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি অহা ড০ কিষাণ চান নৰিয়াক প্ৰদান কৰা হয় অসম সৌৰভ বঁটা। ড০ নৰিয়াৰ ঘৰ উত্তৰ প্ৰদেশৰ গাজিয়াবাদত।
সেইদৰে অসম সৌৰভ বঁটা লাভ কৰা আন তিনিজন ব্যক্তি হৈছে ক্ৰমে এথলিট হিমা দাস, সন্তৰণবিদ এলভিছ আলী হাজৰিকা আৰু তিহা সাহিত্য, সংস্কৃতিৰ গৱেষক নাদিৰাম ডেউৰী।
ৰাজ্যৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ বঁটা বঁটা এইবাৰ আগবঢ়োৱা হৈছে মুঠ ১৬ জন ব্যক্তিলৈ। বিহুক গীনিজ বুক অৱ ৱ'ৰ্ল্ডছ ৰেকৰ্ডত স্থান দিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা লোৱা বিহুৱা ৰঞ্জিত গগৈৰ উপৰিও পাৰ্বতী বৰুৱা, দেৱজিত চাংমাই, দ্ৰোণ ভূঞা, নীলম দত্ত, অনুপম ডেকা, সৌমদ্বীপ দত্ত, বসন্ত চিৰিং ফুকন, মনেন্দ্ৰ ডেকা, মিনাক্ষী চেতিয়া, পখিলা লেকথেপি, তেঞ্জিং বডোছা, ড০ নিৰ্মল দে, জেচিন কোম্বাও ফাও, মেৰী হাছা আৰু ৰাহুল গুপ্তাই লাভ কৰিছে অসম গৌৰৱ বঁটা।
অসম গৌৰৱ বঁটা লাভ কৰা পাৰ্বচী বৰুৱাই কিছুদিন পূৰ্বে পদ্মশ্ৰী সন্মানেৰেও সন্মানিত হৈছিল। পাৰ্বতী বৰুৱা এগৰাকী হস্তী বিশেষজ্ঞ। ইয়াৰোপৰি তেওঁ ৰাষ্ট্ৰসংঘৰ পৰাও স্বীকৃতি লাভ কৰাৰ লগতে বি বি চিয়ে তেওঁৰ ওপৰত তথ্য চিত্ৰও নিৰ্মাণ কৰিছে। হস্তী-মানুহৰ সংঘাত দূৰ কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিশেষ ভূমিকাৰ বাবে তেওঁলৈ এই সন্মান।
দেৱজিত চাংমাই বলিউডত প্ৰতিষ্ঠিত অসম সন্তান। এগৰাকী সুদক্ষ চাউণ্ড ইঞ্জিনীয়াৰ দেৱজিত চাংমায়ে বলিউডৰ লগতে দক্ষিণৰো বিভিন্ন বিগ বাজেটৰ চিনেমাৰ এক পৰিচিত নাম।
অসমীয়া লোক সংস্কৃতিৰ অন্যতম অংশ সুকন্নানি ওজাপালি। এই সুকন্নানি ওজাপালিৰ প্ৰচাৰ, প্ৰসাৰৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ আছে ছিপাঝাৰৰ দ্ৰোণ ভূঞা। সেইদৰে নীলম গত্ত জৈৱিক কৃষি কৰ্মৰে সুপ্ৰতিষ্ঠিত তথা পাভৈ গ্ৰীণৰ সৈতে জড়িত। তেওঁ কৃষি ক্ষেত্ৰলৈ আধুনিক প্ৰযুক্তিৰো আমদানি কৰি আহিছে।
অনুপম ডেকা ৰিপ'জ বেকাৰীৰ স্বত্বাধিকাৰী তথা বিশিষ্ট উদ্যোগী। সৌমদ্বীপ দত্ত এগৰাকী প্ৰকৃতিপ্ৰেমি। প্ৰকৃতিৰ সুৰক্ষাৰ বাবে দীৰ্ঘদিন ধৰি তেওঁ কাম কৰি আহিছে।
একেদৰে বসন্ত চিৰিং ফুকন মাচৰুম খেতিৰ সৈতে জড়িত, মনেন্দ্ৰ ডেকা বৰপেটাৰ বাঁহ শিল্পৰ সৈতে জড়িত, মিনাক্ষী চেতিয়া শিৱসাগৰৰ ডিমৌৰ এগৰাকী সুপৰিচিত আশা কৰ্মী, পখিলা লেকথেপি কাৰ্বি আংলঙৰ এগৰাকী সংগীত শিল্পী।
তেঞ্জিং বডোছাই আছৌ দীৰ্ঘদিন ধৰি জৌৱিক চাহ খেতি কৰি অহাৰ লগতে ওদালগুৰিত বন্যহস্তীৰ সৈতে সহবাস কৰি চাহ উদ্যোগ গঢ়ি তোলাৰ এক ব্যৱস্থা গঢ়ি তুলিছে। ড০ নিৰ্মল দে বৰাক উপত্যকাৰ চিতল পাতি উদ্যোগৰ সৈতে জড়িত হৈ আছে।
হস্তশিল্পীক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত এক চিনাকী নাম জেচিন কোম্বাও ফাও। ধেমাজিৰ এইগৰাকী মহিলা কাংকান ধেমাজি উদ্যোগৰ সৈতে জড়িত। তেওঁৰ সামগ্ৰী অসমৰ বাহিৰত যথেষ্ট চাহিদা আছে।
অসম গৌৰৱ বঁটা লাভ কৰা মেৰী হাছা তিনিচুকীয়া জিলাৰ এগৰাকী অংগনবাদী কৰ্মী। উপেন্দ্ৰ ৰাভাই ক'লা ধানৰ জনপ্ৰিয়তা বৃদ্ধিত বিশেষ অৰিহণা যোগাইছে। তেওঁৰ দ্বাৰা উৎপাদিত ক'লা ধান আমেৰিকা যুক্ত ৰাষ্ট্ৰ, জাপান, কোৰিয়া আদিলৈ ৰপ্তানিৰ ব্যৱস্থা কৰা হৈছে। ৰাহুল গুপ্তা তিনিচুকীয়া জিলাৰ এগৰাকী উদ্যোগী তথা কৃষক। তেওঁৰ ফ্ৰেছ ফাৰ্ম নামৰ উদ্যোগে বিশেষ জনপ্ৰিয়তা লাভ কৰিছে।
উল্লেখ্য যে, অসম বৈভৱ বঁটাৰ লগত আছে এখন প্ৰশস্তিপত্ৰ, প্ৰমাণপত্ৰ, পদক আৰু ৫ লাখ টকাৰ এক আৰ্থিক অনুদান। অসম সৌৰভ বঁটাৰ লগত আছে এখন প্ৰশস্তিপত্ৰ, প্ৰমাণপত্ৰ, পদক আৰু ৪ লাখ টকাৰ আৰ্থিক অনুদান। অসম গৌৰৱ বঁটাৰ লগত আছে এখন প্ৰশস্তিপত্ৰ, প্ৰমাণপত্ৰ, পদক আৰু ৩ লাখ টকাৰ আৰ্থিক অনুদান।
Also Read: বেবজীয়াত ৩ ড্ৰাগছ সৰবৰাহকাৰী আটক...