/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/2f123fe3-8ea2-4932-a8e3-6cecc753294a/tyy.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰ নগৰত ধৰ্মীয় অনুষ্ঠানত অব্যাহত আছে চোৰৰ চাফাই অভিযান। কালিবাৰীত কেইবালক্ষ টকাৰ সামগ্ৰী লুট চোৰৰ।
দুটা দিনৰ পূৰ্বে নগৰখনৰ অমৃতপুৰ কালী মন্দিৰত সংঘটিত চুৰি কাণ্ডৰ বাবে দুটা চোৰ কৰায়ত্ব হোৱাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই সংঘটিত হ'ল আন এক অনুৰূপ ঘটনা।এইবাৰ চোৰে পিট পিটালে চিলাপথাৰ ৰেচিডেন্সিয়েল হায়াৰচেকেণ্ডাৰী স্কুল পথৰ কালী মন্দিৰত।
নগৰৰ মাজমজিয়াত থকা পুৰণি সৰ্বাজনীন কালী মন্দিৰত চোৰে চাফাই অভিযান চলাই দেৱী মাৰ আ-অলংকাৰ,নগদ ধন সহ ১০ লক্ষাধিক টকাৰ সামগ্ৰীৰ লগতে লুটি নিলে তিনিটাকৈ দানপাত্ৰ। চুৰি কাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হয় চি চি কেমেৰাত ।
চিলাপথাৰ পৌৰসভাৰ নিচেই সমীপতে থকা মন্দিৰত চুৰি কাৰ্যই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে অঞ্চলটিত। নিশা আৰক্ষীৰ কোনো পহৰা নথকাৰ বাবেই এনে চুৰিকাৰ্য সংঘটিত হৈছে বুলি ৰাইজে সন্দেহ কৰিছে।
উল্লেখ্য অলপতে নগৰৰ অমৃতপুৰ কালী মন্দিৰতো চুৰি কাৰ্য সংঘটিত হৈছিল। দুজনকৈ বিপথগামী যুৱক ধৰি আৰক্ষীক চমজি দিছিল ৰাইজে। উক্ত ঘটনাৰ দুটা দিনৰ পিছতে পুনৰাবৃত্তি ঘটিল একেই ঘটনা। ঘটনাৰ সংক্ৰান্তত মন্দিৰ পৰিচালনা সমিতিয়ে চিলাপথাৰ আৰক্ষী থানাত লিখিত এজাহাৰ দাখিল কৰিছে।
Also Read: নিশা হ'লেই কৰ্তন কৰে বিদ্যুৎ, বিভাগীয় কাৰ্যালয়লৈ ওলাই আহিল জনতা