/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/f5e0a394-5e36-4e19-bec9-dd8d3c9d68af/uiii.jpg)
ডিজিটেল সংবাদ, ওৰাংঃ মঙলবাৰে নিশা ওৰাঙৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত উত্তেজনা। নিশাই বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদত বহিল ওৰাঙৰ সাধাৰণ ৰাইজ। উৎকত গৰম সহ্য কৰিব নোৱাৰি নিশা বিদ্যুৎ বিভাগৰ কাৰ্যালয়লৈ ওলাই আহিল মহিলাসহ ৰাইজ।
সমগ্ৰ ওৰাং অঞ্চলত সঘনাই বিদ্যুৎ কৰ্তন কৰাত অতিষ্ঠ হৈ নিশা ৰাইজে ওৰাঙৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত উত্তেজনা সৃষ্টি কৰে। নিশা হ'লেই দৈনিক অঞ্চলটোত বিদ্যুৎ কৰ্তন কৰাৰ অভিযোগ স্থানীয় লোকসকলৰ।
ৰাইজৰ উত্তেজনাৰ ফলত কাৰ্যালয় এৰিবলৈ বাধ্য হ'ল বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে। উত্তেজিত ৰাইজে জবাবদিহি কৰিলে কৰ্মচাৰীসকলক। নিশাই ওৰাং আৰক্ষী উপস্থিত হোৱাৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। উল্লেখ্যে যে, বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ গাতে লাগি থকা ওৰাং সামূহিক স্বাস্থ্য কেন্দ্ৰত বিদ্যুৎ কৰ্তন কৰাৰ ফলত ৰোগীৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।
Also Read: মৰণত শৰণ দি নৌকাৰে ভৰুণ নদী পাৰ হৈ ঘিলামৰাত বিদ্যালয়লৈ যাব লাগে শিক্ষাৰ্থী...