চিলাপথাৰত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ

চিলাপথাৰত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰত দৈনিক বৃদ্ধি পাইছে ড্ৰাগছ আসক্ত আৰু ড্ৰাগছ সৰ্বৰাহকাৰীৰ সংখ্যা। মঙলবাৰে নিশা চিলাপথাৰ থানাৰ সমীপৰ চ'চাইটিত অভিযান চলাই বৃহৎ পৰিমাণৰ হিৰ'ইন সহ এজন ড্ৰাগছ সৰ্বৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

Advertisment

জানিব পৰা অনুসৰি চিলাপথাৰ চ'চাইটিৰ ৰামচন্দ্ৰ পাইতৰ পুত্ৰ পংকজ পাইত নামৰ যুৱকজনে দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ ব্যৱসায় চলাই আহিছে । ধৃত পংকজ পাইতে জানিবলৈ দিয়া অনুসৰি গুৱাহাটীৰ জাকিৰ খান নামৰ এজন লোকে ৰেলেৰে আহি ড্ৰাগছৰ যোগান ধৰে পংকজক ।

কেৱল পঙ্কজেই নহয় , চিলাপথাৰত ভৰি পৰিছে অসংখ্য ড্ৰাগছ সৰ্বৰাহকাৰীয়ে । সেই সন্দৰ্ভত বুধবাৰে চিলাপথাৰ থানাত এখন সংবাদমেল অনুষ্ঠিত কৰে। ধেমাজি জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিকিৰাণী মহন্তই জানিবলৈ দিয়া অনুসৰি ধৃত পংকজ পাইতৰ পৰা আৰক্ষীয়ে ১৮ টা কণ্টেইনাৰ সহ ২৩৯ গ্ৰাম হিৰ'ইন, নগদ এক লাখ টকা আৰু মোবাইল ফোন জব্দ কৰিছে । আৰক্ষীৰ তদন্ত অব্যাহত আছে । এই ব্যৱসায়ৰ লগত আৰু কোন কোন জড়িত আছে সেয়া তদন্তৰ পিছতহে জানিব পৰা যাব ।

Also Read: বাসগৃহত প্ৰৱেশ কৰি আৰক্ষী কনিষ্টবলক হত্যা সন্ত্ৰাসবাদীৰ...

Assam police