বিয়াৰ কেইটামান মূহুৰ্তৰ পাছতে ৰঙা ঘৰৰ আলহী হ'ল যুৱক...

বিয়াৰ কেইটামান মূহুৰ্তৰ পাছতে ৰঙা ঘৰৰ আলহী হ'ল যুৱক...

author-image
Asomiya Pratidin
New Update
বিয়াৰ কেইটামান মূহুৰ্তৰ পাছতে ৰঙা ঘৰৰ আলহী হ'ল যুৱক...

ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰত বাল্য বিবাহৰ বিৰুদ্ধে চলি আছে আৰক্ষীৰ অভিযান। দেওবাৰে এনে ঘটনাৰ বাবে এজন যুৱক ৰঙা ঘৰলৈ যাব লগা হ'ল।

Advertisment

জনিব পৰা মতে চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চেঙাজান বালি গাঁৱৰ নবকুমাৰ ভৌমিকে (২১) দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কৰ পৰিণতিত গাঁৱৰে এগৰাকী ১৫ বছৰীয়া কিশোৰীক যোৱা ১৯ আগষ্টত বিয়া কৰায়। ইপিনে কিশোৰীগৰাকী প্ৰাপ্তবয়স্ক নোহোৱাত ভৱিষ্যতে জটিল আইনী মেৰপেচত পৰাৰ আশংকাত অভিভাৱকে আৰক্ষীৰ কাষ চাপে।

তাৰপাছতে দেওবাৰে চিলাপথাৰ আৰক্ষী গৈ যুৱক জনক গ্ৰেপ্তাৰ কৰি হাজোতলৈ প্ৰেৰণ কৰে। এনেদৰে নৱ কুমাৰ ভৌমিকৰ দাম্পত্য জীৱন আৰম্ভ হোৱাৰ কেইটামান মূহুৰ্তৰ পাছতে যৱনিকা পৰিল।

Also Read: ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ভাইৰেল ভিডিঅ' সন্দৰ্ভত অধ্যক্ষৰ সংবাদমেল

Assam police