ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ভাইৰেল ভিডিঅ' সন্দৰ্ভত অধ্যক্ষৰ সংবাদমেল

ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষসহ দুই সহকাৰী অধ্যাপকৰ মদ্যপানৰ ভাইৰেল ভিডিঅ’ৰ প্ৰতিক্ৰিয়া অব্যাহত।

author-image
Asomiya Pratidin
New Update
ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ  ভাইৰেল ভিডিঅ' সন্দৰ্ভত অধ্যক্ষৰ সংবাদমেল

ডিজিটেল সংবাদ ,ধেমাজি: ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষসহ দুই সহকাৰী অধ্যাপকৰ মদ্যপানৰ ভাইৰেল ভিডিঅ’ৰ প্ৰতিক্ৰিয়া অব্যাহত। সংবাদ মাধ্যমত ভাইৰেল ভিডিঅ সম্প্ৰচাৰ হোৱাৰ পিছত ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই ভাইৰেল ভিডিঅ’ৰ তদন্ত দাবী কৰি প্ৰতিবাদ কৰাৰ পিছত অসমৰ বৌদ্ধিক মহলত সৃষ্টি হৈছিল প্ৰৱল প্ৰতিক্ৰিয়া ৷

Advertisment

সোমবাৰে ধেমাজি প্ৰেছ ক্লাৱত মহাবিদ্যালয়ৰ অধ্যক্ষ বীৰেন কুমাৰ কোঁৱৰ আৰু দুই সহকাৰী অধ্যাপকে সংবাদমেল যোগে প্ৰকৃত ঘটনাৰ সম্পৰ্কে অৱগত কৰি কয় যে ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ভিতৰৰে একাংশই আক্ৰোশমূলক ভাৱে গোপনে মহাবিদ্যালয় চৌহদৰ বাহিৰত হোৱা ব্যক্তিগত দৃশ্য গোপনে ৰেকৰ্ডিং কৰি ভাইৰেল কৰে। ইয়াৰ দ্বাৰা মহাবিদ্যালয়ৰ শৈক্ষিক পৰিবেশ বিনিষ্ট কৰা লগতে ঐক্যমণ্ডিত মহাবিদ্যালয়খনৰ গৰিমা ম্লান কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা গুৰুতৰ অভিযোগ বাণিজ্য মহাবিদ্যালয়খনৰ অধ্যক্ষ বীৰেন কুমাৰ কোঁৱৰৰ।

যোৱা ১১ আগষ্টত ধেমাজি বাণিজ্য মহাবিদ্যালয়ত গৰ্ভনিং বৰ্ডিৰ সভাৰ পিছত মহাবিদ্যালয়ৰ চৌহদত এনে কোনো আপত্তিজনক ঘটনা হোৱা নাছিল বুলি সংবাদ মেলত দাবী কৰিছে অধ্যক্ষগৰাকীয়ে ৷ ভাইৰেল হোৱা দৃশ্য সম্পূৰ্ণ ব্যক্তিগত আছিল আৰু মহাবিদ্যালয় চৌহদৰ বাহিৰৰ আৰু কলেজ টাইমৰ পিছৰহে আছিল বুলিও তেওঁ মন্তব্য কৰে। লগতে সেইদিনা সন্ধিয়া ছয় বজাত মহাবিদ্যালয়ৰ চৌহদৰ বাহিৰত হোৱা ব্যক্তিগত আলোচনাৰ দৃশ্য গোপনে কেমেৰা কৰি ভাইৰেল কৰিছিল একাংশই ৷

ইতিমধ্যে গোপনে কেমেৰাৰে ব্যক্তিগত দৃশ্য ভাইৰেল কৰা ব্যক্তিৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰ কথা প্ৰকাশ কৰে অধ্যক্ষই সংবাদ মেলত ৷ ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ সন্মান লাঘৱ কৰিব বিচাৰিয়েই এই কাম কৰাৰ মহাবিদ্যালয়ৰ একাংশই কৰিছে বুলি অভিযোগ কৰিছে মহাবিদ্যালয়ৰ অধ্যক্ষ বীৰেন কুমাৰ কোঁৱৰে ৷

Also Read: ২৮ সপ্তাহৰ গৰ্ভৱতী মহিলাক গৰ্ভপাতৰ অনুমতিঃ ধৰ্ষণ পীড়িতাক লৈ উচ্চতম ন্য়ায়ালয়ৰ বিশেষ শুনানি