পলাশ আৰু তেওঁৰ পত্নীক আদৰি নোলোৱাৰ কাৰণ ক'লে ছিলাবন্ধা ব্ৰাহ্মণ সমাজে

পলাশ আৰু তেওঁৰ পত্নীক আদৰি নোলোৱাৰ কাৰণ ক'লে ছিলাবন্ধা ব্ৰাহ্মণ সমাজে

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ নন্দিকেশ্বৰ গাঁও নিৱাসী এগৰাকী টেট শিক্ষকে সম্পৰ্কীয় ছোৱালী বিয়া কৰাৰ অপৰাধত ছিলাবন্ধা ব্ৰাহ্মণ সমাজৰ সামাজিক কামকাজৰ পৰা আঁতৰাই ৰখা বিষয়ক লৈ সম্প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৃহত্তৰ জামুগুৰিহাট অঞ্চলটোত ৷ দেওবাৰে এই সন্ধৰ্ভত ছিলাবন্ধা ব্ৰাহ্মণ সমাজে এক সংবাদমেলৰ আয়োজন কৰি সমাজৰ স্থিতি স্পষ্ট কৰে।

তেওঁলোকে কয়-নন্দিকেশ্বৰ নিৱাসী পলাশ শৰ্মা আৰু পূৱালী বৰঠাকুৰৰ মাজৰ সম্পৰ্ক ককাই-ভনীৰ। পলাশৰ মাকৰ ফালৰ আইতাক আৰু পূৱালীৰ মাকৰ ফালৰ আইতাক বায়েক-ভনীয়েক ৷ এনে বিয়াৰ সম্পৰ্ক আমি ছিলাবন্ধা ব্ৰাক্ষণ সমাজে মানি ল'ব নোৱাৰো ৷ সেয়ে তেওঁলোকক আমি আমাৰ সামাজিক কাম-কাজৰ পৰা আঁতৰাই ৰাখিছো ৷ লগতে কয় যে, পলাশ শৰ্মাৰ মাতৃক আমি সমাজলৈ আদৰি ল'ম যদি তেওঁ সমাজখনে বান্ধি দিয়া ৰীতিনীতি মানি চলে ৷

ইফালে পলাশ শৰ্মাই সংবাদ মাধ্যমৰ আগত তেওঁক ঘৰ এৰি যাবলৈ বাধ্য কৰোৱা বিষয়টো মিছা বুলিও কৈছে ছিলাবন্ধা ব্ৰাক্ষণ সমাজে ৷ উল্লেখ্য যে আজিৰ পৰা এসপ্তাহ পূৰ্বে টেট শিক্ষক পলাশ শৰ্মাই তেওঁ অতি ওচৰ সম্পৰ্কীয় ছোৱালী বিয়া পতাৰ গুৰুত্বৰ অভিযোগত ছিলাবন্ধা ব্ৰাহ্মণ সমাজে তেওক গাওঁ এৰি যাব লাগে বুলি কোৱাৰ লগতে পাচ বছৰ কাল সামাজিক ভাৱে এঘৰীয়া কৰি থোৱাৰ অভিযোগ তুলিছিল ৷

আজি ছিলাবন্ধা ব্ৰাক্ষণ সমাজে এই অভিযোগৰ বিৰুদ্ধে সংৱাদমেল আয়োজন কৰি নিজৰ স্থিতি স্পষ্ট কৰে ৷ সংৱাদ মেলত ছিলাবন্ধা ব্ৰাক্ষ্মণ সমাজৰ হৈ সভাপতি অতুল ভট্ৰাচাৰ্য, সম্পাদক অপূৰ্ব ভট্ৰাচাৰ্য আৰু বিষয়ববীয়া দুলাল শৰ্মাই মন্তব্য আগবঢ়ায় ৷

পলাশ আৰু তেওঁৰ পত্নীক আদৰি নোলোৱাৰ কাৰণ ক'লে ছিলাবন্ধা ব্ৰাহ্মণ সমাজে
প্ৰায় ৩০ গৰাকী যাত্ৰীসহ বজালীত নৈশ বাছ দুৰ্ঘটনাগ্ৰস্ত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in