প্ৰায় ৩০ গৰাকী যাত্ৰীসহ বজালীত নৈশ বাছ দুৰ্ঘটনাগ্ৰস্ত...

প্ৰায় ৩০ গৰাকী যাত্ৰীসহ বজালীত নৈশ বাছ দুৰ্ঘটনাগ্ৰস্ত...

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল ডেস্কঃ বজালীৰ ২৭নং ৰাষ্ট্রীয় ঘাইপথত নৈশ বাছ দুৰ্ঘটনাতপতিত। দেওবাৰে ৰাজাখাট DBI ইটাভাটা উদ্যোগৰ সন্মুখত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। বৰপেটা ৰোডৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল বাছখন আৰু তেতিয়াই এই দুৰ্ঘটনা সংঘটিত হয়।

Advertisment

আকস্মিকভাৱে নিয়ন্ত্রণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে বাছখন। বাছখনত আছিল প্রায় ৩০গৰাকী যাত্রী। গুৰুতৰভাৱে আহত এজন যাত্রীক সংকটজনক অৱস্থাত বৰপেটা মেডিকেল কলেজত ভৰ্তি কৰোৱাৰ লগতে আন ৪জন যাত্রীক ভৱানীপুৰ স্বাস্থ্য কেন্দ্রত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাত পতিত বাছখনৰ নম্বৰ AS-15 AC 5379।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

Also Read: শ্ৰীলংকা আৰু মৰিচাছত আৰম্ভ হ'ব UPI সেৱা, প্ৰধানমন্ত্ৰী মোডীয়ে কৰিব শুভ উদ্বোধন

bajali