চাইট ফাৰ্ষ্ট আই ক্লিনিকৰ লুই ব্ৰেইল দিৱস অনুষ্ঠানৰ আয়োজন...

চাইট ফাৰ্ষ্ট আই ক্লিনিকৰ লুই ব্ৰেইল দিৱস অনুষ্ঠানৰ আয়োজন...

ডিজিটেল ডেস্ক : নেত্ৰশক্তিহীন লোকসকলৰ বাবে আশাৰ সঞ্চাৰ সৃষ্টি কৰা ব্ৰেইলী লিপিৰ উদ্ভাৱক আছিল ফ্ৰান্সৰ লুই ব্ৰেইল । এই মহান যুগদ্ৰষ্টা গৰাকীয়ে কেৱল পোন্ধৰ বছৰ বয়সতেই সৃষ্টি কৰি উলিয়াইছিল ব্ৰেইলী লিপিৰ । এই শিক্ষাবিদ, উদ্ভাৱক গৰাকীৰ স্মৰণত প্ৰতি বছৰেই ৪ জানুৱাৰীত সমগ্ৰ বিশ্বতেই পালন কৰা হয় বিশ্ব ব্ৰেইলী দিৱস । ইয়াৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ চাইট ফাৰ্ষ্ট আই ক্লিনিকে উদযাপন কৰি আহিছে লুই ব্ৰেইল দিৱসৰ ।

বিগত বৰ্ষৰ দৰে এই বছৰো চাইট ফাৰ্ষ্টে দিছপুৰৰ নেডফি কনভেনচন চেন্টাৰত পালন কৰিব লুই ব্ৰেইল দিৱস ।

সন্ধিয়া ৫ বজাত আৰম্ভ হ'ব লগীয়া এই অনুষ্ঠানৰ উদ্বোধন কৰিব গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই । ইয়াৰ পাছতেই শংকৰদেৱ নেত্ৰালয়ৰ মেডিকেল সঞ্চালক ডা: হৰ্ষ ভট্টাচাৰ্য, আঞ্চলিক নেত্ৰ প্ৰতিষ্ঠানৰ সঞ্চালক ডা: জ্যোতি ভূঞা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক কিশোৰ মোহন ভট্টাচাৰ্য তথা বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেন সিংহই বন্তি প্ৰজ্বলন কৰিব অনুষ্ঠানটিত ।

ইয়াৰ ওপৰিও লুই ব্ৰেইলৰ ওপৰত বক্তৃতা প্ৰদান কৰিব ডেৰাদুনস্থিত নেচনেল ইঞ্চটিটিউত অৱ ভিচুয়েলি হেণ্ডিকেপৰ প্ৰাক্তন অধ্যক্ষ কমলবীৰ সিং জাগ্গীয়ে । উক্ত অনুষ্ঠানটিত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব সাদিন-প্ৰতিদিন গোষ্ঠীৰ মুখ্য পৰিচালন সঞ্চালক জয়ন্ত বৰুৱা ।

আনহাতে, প্ৰয়াত দিলীপ গোস্বামীৰ স্মৃতিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থানপ্ৰাপ্ত নেত্ৰশক্তিহীন শিক্ষাৰ্থী সকলক প্ৰদান কৰা হ'ব বৃত্তি । এই বৃত্তি প্ৰদান কৰিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা: অচ্যুত বৈশ্যই ।

এই বিশেষ দিনটিতেই পদ্মশ্ৰী বাৰ্থা ডাখাৰক আগবঢ়োৱা হ'ব জীৱন যোৰা সাধনা বঁটা ।

একেটি অনুষ্ঠানতে সন্ধিয়া বিশিষ্ট শিল্পী দ্বীপেন বৰুৱা দেৱৰ উপস্থিতিত বৰুৱা দেৱৰ সংগীত পৰিৱেশন কৰিব অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা নেত্ৰশক্তিহীন শিল্পী সকলে ।

উল্লেখ্য যে, বক্তা কমলবীৰ জাগ্গী তথা বাৰ্থা ডাখাৰ দুয়োগৰাকী সমল ব্যক্তিয়েই হেৰুৱাব লগীয়া হৈছিল দৃষ্টিশক্তি । কিন্তু এই বাধাৰ প্ৰাচীৰ অতিক্ৰম কৰি দুয়োগৰাকী ব্যক্তিয়েই নিজ নিজ ক্ষেত্ৰত প্ৰমাণ কৰিলে পাৰদৰ্শিতা । ইয়াৰ ওপৰিও ব্ৰেইলী পদ্ধতিৰ সংস্কাৰ আৰু গৱেষণাৰ সৈতে জড়িত দুয়োগৰাকী ব্যক্তি । আনহাতে, সাদিন-প্ৰতিদিন গোষ্ঠীৰ মুৰব্বী জয়ন্ত বৰুৱাই শেহতীয়াকৈ অসমীয়া অভিধান হেমকোষৰ পূৰ্ণাংগ ব্ৰেইলী সংস্কৰণ প্ৰকাশ কৰাই বিনামূলীয়াকৈ বিতৰণ কৰিছিল দৃষ্টিশক্তিহীন শিক্ষাৰ্থী সকলৰ বাবে । দক্ষিণ-পূব এছিয়াৰ প্ৰথমখনি পূৰ্ণাংগ ব্ৰেইলী অভিধান ৰূপে হেমকোষ খনে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পৰাও লাভ কৰিছিল স্বীকৃতি ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in