ডিজিটেল সংবাদ, কোকৰাঝাৰঃ উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে আজি কোকৰাঝাৰ জিলাৰ অন্তৰ্গত তথা ছিদলী বিধানসভা সমষ্টিৰ অন্তৰ্গত ছালাকাটি ব্লক ইউপিপিএলৰ কাৰ্যালয়ত মিত্ৰজোঁট বিজেপি , অগপ আৰু ইউপিপিএলৰ এক যৌথ বৈঠক অনুষ্ঠিত হয় ।
মূলত আগন্তুক ছিদলী বিধানসভা সমষ্টিৰ উপ -নিৰ্বাচনক লৈ অনুষ্ঠিত হোৱা উক্ত বৈঠকত চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘল , বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, ইউপিপিএলৰ বিধায়ক লৰেঞ্চ ইছলাৰী , বিটিচিৰ কাৰ্যবাগী সদস্য ক্ৰমে ড° নিলুৎ স্বৰ্গীয়াৰী, উকিল মুছাহাৰী, ইউপিপিএলৰ সাধাৰণ সম্পাদক (সাংগঠনিক) মাধৱ ছেত্ৰী আৰু জিলা অগপৰ নেৰ্তৃবৰ্গ উপস্থিত থাকে ।
ইপিনে উক্ত সভাত উপস্থিত থাকি চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘলে কয় যে এনডিএৰ প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰাৰ লক্ষ্যৰে আজি ইউপিপিএল -অগপ আৰু বিজেপিৰ যৌথ বৈঠকখন অনুষ্ঠিত হৈছে। সকলোৱে মিলি আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিম আৰু উপ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া পাঁচটা সমষ্টিতে আমি জয়লাভ কৰিম বুলি দাবী কৰিছে মন্ত্ৰী অশোক সিংঘলে ।
ইপিনে সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত মন্ত্ৰী অশোক সিংঘলে কয় যে নিৰ্বাচনত প্ৰত্যাহ্বান থাকিবই । প্ৰত্যাহ্বান নাথাকিলে ঘৰত বহি নিৰ্বাচন খেলিলেহেতেন । নিৰ্বাচনৰ পূৰ্বে ভোট ভিক্ষা কৰিব লাগিব, ভাল কামৰ বিষয়ে ৰাইজক অৱগত কৰাব লাগিব । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেৰ্তৃত্বত বহুতো ভাল কাম হৈছে আৰু সেয়ে ৰাইজে মিত্ৰজোঁটৰ প্ৰাৰ্থীকে ভোট দিব বুলি মন্তব্য কৰিছে অশোক সিংঘলে ।
ইপিনে মিত্ৰজোঁটৰ যৌথ সভাত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কয় যে ছিদলী সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা ইউপিপিএল দলৰ প্ৰাৰ্থীগৰাকীয়ে অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰিব । ছিদলী বিধানসভা সমষ্টিৰ উপ -নিৰ্বাচনক লৈ কোনো চিন্তাৰ কাৰণ নাই আৰু ৰাজ্যৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে পাঁচটা সমষ্টিতে জয়লাভ কৰিব বুলি দাবী কৰিছে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ।
আনহাতে প্ৰমোদ বড়োৰ পূৰ্বৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা বৰ্তমানৰ অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক সাংগ্ৰাং ব্ৰহ্ম বিপিএফত যোগদান কৰিব বুলি চৰ্চা লাভ কৰা সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নোত্তোৰত প্ৰমোদ বড়োৱে কয় যে এই সন্দৰ্ভত তেওঁ একো নাজানে আৰু তেওঁৰ হাতত একো তথ্য নাই বুলি সদৰি কৰিছে।
আনহাতে কোকৰাঝাৰ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে সংবাদমাধ্যমৰ আগত কয় যে ছিদলী সমষ্টিৰ অন্তৰ্গত কোকৰাঝাৰ জিলাৰ ছালাকাটি পৰিষদীয় সমষ্টিত প্ৰায় ৩৫ হাজাৰ ভোটাৰ আছে । উপ - নিৰ্বাচনৰ আগত মিত্ৰজোঁটে কেনেকৈ যৌথভাৱে কাম কৰিব তাকে লৈ আজিৰ আলোচনা অনুষ্ঠিত হোৱা বুলি সদৰি কৰি বিধায়ক লৰেঞ্চ ইছলাৰীয়ে দুই এদিনৰ ভিতৰতে প্ৰাৰ্থী ঘোষণা কৰা হ'ব বুলি মন্তব্য কৰিছে। তদুপৰি উপ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া পাঁচটা বিধানসভা সমষ্টিতে মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বিপুল ভোটত জয়লাভ কৰিব বুলি মন্তব্য কৰিছে বিধায়ক লৰেঞ্চ ইছলাৰীয়ে ।
Also Read: উপ নিৰ্বাচনক লৈ কংগ্ৰেছৰ গোপন ৰণনীতি! ৰাজীৱ ভৱনত সিদ্ধান্ত লৈ 'লিলি'ত কাৰ্যকৰী..