ন বিজেপিৰ বিৰুদ্ধে ক্ষোভ উজাৰি ভাইৰেল ফটো সন্দৰ্ভত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মন্তব্য...

ইন্দ্রাণী তহবিলদাৰৰ মৃত্য়ুৰ পাছতেই ৰাজ্যিক বিজেপিক খলকনিৰ সৃষ্টি হৈছে। ইন্দ্ৰাণী কাণ্ডৰ পাছতে পোহৰলৈ একাংশ বিজেপি নেতাৰ কু-কাণ্ড

author-image
Asomiya Pratidin
New Update
ন বিজেপিৰ বিৰুদ্ধে ক্ষোভ উজাৰি ভাইৰেল ফটো সন্দৰ্ভত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মন্তব্য...

ডিজিটেল ডেস্কঃ ইন্দ্রাণী তহবিলদাৰৰ মৃত্য়ুৰ পাছতেই ৰাজ্যিক বিজেপিক খলকনিৰ সৃষ্টি হৈছে। ইন্দ্ৰাণী কাণ্ডৰ পাছতে পোহৰলৈ একাংশ বিজেপি নেতাৰ কু-কাণ্ড। এইবাৰ এই সন্দৰ্ভত মুখ খুলিছে বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

Advertisment

কিছুদিন পূৰ্বে এটা অডিঅ ক্লিপ ভাইৰেল হৈছিল। যত দুগৰাকী বিজেপি কৰ্মীয়ে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নাম লৈছিল। এই সন্দৰ্ভত তেওঁ কয় যে, এইটো এটা দুৰ্ভাগ্যজনক ঘটনা। অডিঅ’ ক্লীপটোত মোক লৈ পৰিকল্পনা কৰিছে। মোৰ মূৰত কঠাল ভাঙিব লাগে বুলি কোৱা হৈছে। কথাখিনি মোৰ আত্মসন্মানত লাগিছে।

এইবোৰ কেইদিনমান আগতে দললৈ অহা পাবতগজা নেতাই কৰিছে বুলি উল্লেখ কৰি ভট্টাচাৰ্যই কয় যে, যিগৰাকী মহিলাই কথাবোৰ কৈছে, তেওঁক ধৰি আনি ব্যৱস্থা লওক। মই এই সন্দৰ্ভত অভিযোগ দিছো। সেই মহিলাগৰাকীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে মুণ্ডন কৰিছিল।

লগতে কয়, দলটোলৈ এনে একাংশ মানুহ আহিছে, সেইসকলে মান-ইজ্জত শেষ কৰিছে। এইখন চৰকাৰৰ দিনত এটকাও নিদিয়াকৈয়ে চাকৰি হৈছে। কিন্তু তেওঁলোকে টকা তুলি বিপদত পৰিল। মই সভাপতি থকা কালত ভৱেশ কলিতাক দললৈ আনিছিলো। দ্বীপলু ৰঞ্জন, পুলক গোহাঁই ইত্যাদিকো দললৈ আনিছিলো।এইক্ষেত্রত মোৰ কোনো আক্ষেপ নাই।

ভট্টাচাৰ্যই কয়, তেওঁলোকে নিজাকৈ টীম বনাইছে। আমাৰ অভিজ্ঞতা আছে, সেয়া বিচাৰিলে শ্বেয়াৰ কৰিব পাৰো। ৪ মে’ত কেইজনমান ব্যক্তি মোৰ ওচৰলৈ আহিছিল। আমাৰ এজন পুৰণি কৰ্মীও আহিছিল। দ্বীবন ডেকাই মোলৈ ফোন কৰিছিল। মই ৰাজ্যিক সভাপতিক জনাবলৈ কৈছিলো সকলো কথা।

লগতে কয়, মই দলৰ অনুশাসন ভংগ কৰিব নোৱাৰো। সেয়ে দলৰ মজিয়ালৈ বিষয়টো দিছো। চৰকাৰ অহাৰ পাছত এনে একাংশ মানুহ আহিল, তেওঁলোকক কেৱল সুবিধা লাগে। বাজপেয়ী ফটো গছকা মানুহ এতিয়া ডাঙৰ পদবীত।

কংগ্রেছত যোগদান কৰা হ’লে দুবাৰ কেবিনেট মন্ত্রী হ’ব পাৰিলোহেঁতেন বুলি মন্তব্য কৰে তেওঁ। লগতে কয়, কোনোবা কিবা পদত থাকিলে পদৰ মৰ্যাদা ৰাখিব লাগে। নেতৃত্ব দিব নোৱাৰিলে দায়িত্ব ল’ব নালাগে। দ্বীবন ডেকাই মোলৈকে নহয়, বহুতলৈকে ফটো দিছিল বুলিও কয় বিধায়কগৰাকীয়ে।

উল্লেখ্য যে, ইন্দ্ৰাণী তহবিলদাৰ আৰু অনুৰাগ চলিহাৰ ফটো ভাইৰেল হোৱাৰ পাছতেই আত্মহত্যা কৰিছিল ইন্দ্ৰাণীয়ে। এই ঘটনাত সাঙোৰ খাইছে বিজেপিৰ একাংশ নেতা-পালিনেতাৰ নাম। অভিযোগ অনুসৰি অভিমুন্য দাস নামৰ লোকজনে অনুৰাগৰ মোবাইলৰ পৰা ইন্দ্ৰাণী আৰু তেওঁৰ অন্তৰংগ মূহুৰ্তৰ ফটো লৈছিল। তাৰপাছতেই কেইবাটাও অডিঅ ক্লীপ ভাইৰেল হৈছিল। ভাইৰেল হোৱা এটা অডিঅ ক্লীপত কোৱা হৈছিল যে এই ঘটনা তেওঁলোকে বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ওপৰত জাপি দিব।

Also Read: ইন্দ্ৰাণী সন্দৰ্ভত কি ক'লে স্বামী ৰীতেশ তদবিলদাৰে...

Assam police bjp