ইন্দ্ৰাণী সন্দৰ্ভত কি ক'লে স্বামী ৰীতেশ তদবিলদাৰে...

ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ পাছতে ৰাজ্যিক বিজেপিক এক খলকলনিৰ সৃষ্টি হৈছে।

author-image
Asomiya Pratidin
New Update
ইন্দ্ৰাণী সন্দৰ্ভত কি ক'লে স্বামী ৰীতেশ তদবিলদাৰে...

ডিজিটেল ডেস্কঃ ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ পাছতে ৰাজ্যিক বিজেপিক এক খলকলনিৰ সৃষ্টি হৈছে। দুৰ্নীতি মুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিয়া বিজেপিৰ ভিতৰচৰাতেই দুৰ্নীতিৰ পয়োভৰ।

Advertisment

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল টকাৰে নহয়, যোগ্যতাৰ ভিত্তিত চাকৰি দিয়া হ'ব ।কিন্তু এতিয়া চাকৰিৰ নামত দলটোৰে একাংশ বিজেপি নেতাই টকা লোৱাৰ ঘটনা পোহৰলৈ আহিছে।

ইন্দ্ৰাণী তদবিলদাৰৰ গোচৰৰ তদন্ত চলি থকাৰ মাজতেই বুধবাৰে চানমাৰি আৰক্ষী থানাত উপস্থিত হয় তেওঁৰ স্বামী। বিজেপিৰ কিষাণ মৰ্চাৰ সম্পাদক ইন্দ্ৰাণী তাহবিলদাৰৰ স্বামীয়ে কয় যে, তেওঁৰ পত্নীৰ ওপৰত যে কোনো ৰাজনৈতিক চাপ আছিল তেওঁ সেই বিষয়ে জনা নাছিল।

এই ঘটনাৰ মুখ্য অভিযুক্ত অনুৰাগ চলিহাই মঙলবাৰে আৰক্ষীক কৈছিল যে, ইন্দ্ৰাণীয়ে অভিমন্যু দাসৰ পৰা ৰাজনৈতিক চাপ আৰু ভাবুকিৰ সন্মুখীন হৈ আহিছিল। ইন্দ্ৰাণী আৰু অনুৰাগৰ অন্তৰংগ ফটোও ভাইৰেল হৈছিল যাৰ বাবে ইন্দ্ৰাণীয়ে আত্মহত্যা কৰা বুলি তেওঁ কৈছিল।

ইন্দ্ৰাণীৰ স্বামী ৰীতেশ তহবিলদাৰ আজি গুৱাহাটীৰ চানমাৰী আৰক্ষী থানাত উপস্থিত হয়। তেওঁ সাংবাদিকক কয় যে অনুৰাগ চলিহা তেওঁৰ শহুৰেকৰ ঘৰত অৰ্থাৎ ইন্দ্ৰাণীৰ পিতৃ-মাতৃৰ ভাড়াঘৰত বাস কৰিছিল। সেই অনুৰাগৰ সৈতে ইন্দ্ৰণীৰ ফটো ভাইৰেল হৈছিল।

তেওঁ কয়, "এজাহাৰখনত মই অনুৰাগ চলিহাৰ নাম দিছিলো। অনুৰাগে যিবোৰ নাম লৈছে সেইসকলক মই চিনি নাপাঁও। মই জানো যে এইবোৰ কামত কেতিয়াবা ৰাজনৈতিক চাপ থাকে, কিন্তু ইন্দ্ৰাণীয়ে মোক কেতিয়াও এই বিষয়ে একো কোৱা নাছিল।" লগতে এয়াও কয় যে, উক্ত দিনটোত ৰীতেশ কলকাতাত আছিল ।

ৰীতেশ কয় যে তেওঁলোকৰ ঘৰৰ কাম কৰা মানুহজনে সন্ধিয়া প্ৰায় ৫.১৫ বজাত তেওঁলৈ ফোন কৰি ইন্দ্ৰাণীৰ আত্মহত্যাৰ কথা জনাইছিল। তেওঁ লগতে কয়, মই ৰাজনীতিৰ সৈতে জড়িত নহয়। সেয়েহে এই সকলোবোৰ বিষয়ৰ বিষয়ে মোৰ কোনো ধাৰণা নাই।

উল্লেখ্য যে, অনুৰাগে এই ঘটনাৰ সকলো দোষ অভিমুন্য দাস নামৰ এজন লোকৰ ওপৰত জাপি দিয়াৰ চেষ্টা কৰিছে। মঙলবাৰে অনুৰাগে কয় যে, অভিমুন্য দাস নামৰ লোকজনে ইন্দ্ৰাণীক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাইছিল। বৰপেটাৰ সাংসদ পদৰ লগতে ৰাজনীতিত ইন্দ্ৰাণীৰ সমৰ্থন বিচাৰিছিল। ইয়াৰপোৰি আৰু বহু ভয়ংকৰ অভিযোগ আছে অভিমুন্য দাসৰ বিৰুদ্ধে। সেই অভিমুন্যই অনুৰাগৰ মোবাইলৰ পৰা ইন্দ্ৰাণী- অনুৰাগৰ অন্তৰংগ মূহুৰ্তৰ ফটো লোৱা বুলি কৈছিল অনুৰাগে।

Also Read: অবৈধ সম্পৰ্ক, সাংসদ পদ আৰু বহু বিস্ফোৰক তথ্য উদঙাই দিলে অনুৰাগে...

Assam police bjp