লক্ষীৰাম বৰুৱা সদনত ড০ শিৱনাথ বৰ্মনৰ প্ৰথম মৃত্যু দিৱস পালন

লক্ষীৰাম বৰুৱা সদনত ড০ শিৱনাথ বৰ্মনৰ প্ৰথম মৃত্যু দিৱস পালন

ডিজিটেল ডেস্কঃ বিশিষ্ট শিক্ষাবিদ, যশস্বী লেখক তথা সমাজ বিজ্ঞানী ড০ শিৱনাথ বৰ্মনৰ প্ৰথম মৃত্যু দিৱস উপলক্ষে দেওবাৰে মহানগৰীৰ লক্ষীৰাম বৰুৱা সদনত অনুষ্ঠিত হয় স্মাৰক বক্তৃতা অনুষ্ঠান। দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত এই স্মাৰক বক্তৃতাৰ বিষয় আছিল 'বিজ্ঞান আৰু অন্ধ বিশ্বাস’।

স্মাৰক বক্তৃতা প্ৰদান কৰে পদাৰ্থ বিজ্ঞানী তথা বিশিষ্ট শিক্ষাবিদ ড০ পৰমানন্দ মহন্তই। নিজৰ বক্তৃতাত ড০ মহন্তই শিৱনাথ বৰ্মনৰ সাহিত্য কৃতিৰ কিছু দিশ উনুকিয়াই সাম্প্ৰতিক সময়ত বিজ্ঞানৰ অগ্ৰগতি সত্বেও অন্ধবিশ্বাসে কিদৰে সমাজখন ছানি ধৰিছে সেই সম্পৰ্কে আলোকপাত কৰে।

বৰ্তমানৰ শিক্ষা ব্যৱস্থাত বিজ্ঞান শিক্ষাৰ পৰিৱৰ্তে অন্ধবিশ্বাসক প্ৰাধান্য দিবলৈ আৰম্ভ কৰাৰ কথাও তেওঁ ভাষণত উদাহৰণসহ তুলি ধৰে। নতুন প্ৰজন্মই অন্ধবিশ্বাসৰ চাকনৈয়া আঁতৰাই সমাজখনক যুক্তিৰে আলোকিত কৰি তুলিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। আজিৰ এই বিশেষ অনুষ্ঠানত 'শিৱনাথ বৰ্মনঃ স্মৃতি আৰু কৃতি’ শীৰ্ষক এখন গ্ৰন্থও উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে বৰ্ষীয়ান বাওপন্থী নেতা হেমেন দাসে।

গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত হেমেন দাসে শিৱনাথ বৰ্মনে শিক্ষকতা কৰি থকা সময়ৰ কথা স্মৰণ কৰাৰ লগতে লেখা-মেলাত মাৰ্ক্সবাদী চিন্তা-চৰ্চাৰ প্ৰভাৱ সম্পৰ্কেও উল্লেখ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ড০ কুলেন্দু পাঠকে অন্ধবিশ্বাসৰ কবলত পৰা সমাজখনক কিদৰে অন্ধবিশ্বাসমুক্ত কৰিব পৰা যায় সেই সম্পৰ্কে চমু বক্তব্য আগবঢ়ায়।

আজিৰ এই অনুষ্ঠানত উপস্থিত থকা বৰ্ষীয়ান চিন্তাবিদন ভূপেন্দ্ৰনাথ শৰ্মাকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিক ড০ শিৱনাথ বৰ্মনৰ পৰিয়ালৰ তৰফৰ পৰা আদৰণি জনোৱা হয়। বক্তৃতাৰ মাজতে উপস্থিত দৰ্শকসকলক এটি গীতেৰে আপ্লুত কৰে শিল্পী হুমায়ূন চৌধুৰীয়ে। জ্যেষ্ঠ সাংবাদিক বেদব্ৰত বৰাই আঁত ধৰা অনুষ্ঠানটোৰ শলাগৰ শৰাই আগবঢ়াই প্ৰণৱজ্যোতি ডেকাই। অনুষ্ঠানৰ শেষত পৰিয়াল তথা আয়োজক সমিতিয়ে প্ৰতি বছৰে ড০ শিৱনাথ বৰ্মনৰ স্মৃতিত এনেদৰে স্মাৰক বক্তৃতা অনুষ্ঠান আয়োজন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও সদৰী কৰে।

লক্ষীৰাম বৰুৱা সদনত ড০ শিৱনাথ বৰ্মনৰ প্ৰথম মৃত্যু দিৱস পালন
ইটা ভাটাত শিশু শ্ৰমিক নিয়োগ! বাহনৰ চেপাত প্ৰাণ গ'ল ১০ বছৰীয়া শিশুৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in