ইটা ভাটাত শিশু শ্ৰমিক নিয়োগ! বাহনৰ চেপাত প্ৰাণ গ'ল ১০ বছৰীয়া শিশুৰ

ইটা ভাটাত শিশু শ্ৰমিক নিয়োগ! বাহনৰ চেপাত প্ৰাণ গ'ল ১০ বছৰীয়া শিশুৰ

author-image
Asomiya Pratidin
New Update
ইটা ভাটাত শিশু শ্ৰমিক নিয়োগ! বাহনৰ চেপাত প্ৰাণ গ'ল ১০ বছৰীয়া শিশুৰ

ডিজিটেল সংবাদ, বিহালীঃ বিহালীত কাঠাফুলাৰ দৰে গঢ় লৈ উঠা ইটাভাটা সমূহৰ মালিক গোষ্ঠীৰ দৌৰাত্ম্যই সীমা চেৰাই অহাটো কোনো নতুন বিষয় নহয়৷ বিগত সময়ছোৱাত বিহালীৰ দল-সংগঠনে বিহালীস্থিত ইটাভাটা মালিক গোষ্ঠীৰ দুস্কাৰ্যৰ প্ৰতি তথ্য বিশ্বনাথ জিলা আয়ুক্ত তথা প্ৰশাসনক লিখিতভাৱে অৱগত কৰি আহিছে । কিন্তু প্ৰশাসনে ৰাজহুৱা বিষয়ক আওকান কৰি চলাৰ পৰিণতিত দেওবাৰে বিহালীত সংঘটিত হয় এক মৰ্মান্তিক দুৰ্ঘটনা ৷

Advertisment

বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বিজুলী জাৰণি গাঁৱত অৱস্থিত ডি•বি•আই(DBI) নামৰ ইটাভাটাত এক দুৰ্ঘটনা সংঘটিত হয়। বিজুলী জাৰণি গাঁৱৰ নিবাসী বাব ৰাজপুত নামৰ লোকজনৰ ১০ বছৰীয়া পুত্ৰৰ পুৱা এক দুৰ্ঘটনাত মৃত্যু হয়। AS-07-BC-6342 বলেৰ' বাহনত ইটা জাপি থকাৰ সময়ত বাহন খনৰ চেপাত ১০বছৰীয়া শিশুটিৰ মৃত্যু হয়।

জানিব পৰা মতে পুৱা প্ৰায় ৭ বজাত ডি•বি•আই (DBI) নামৰ ইটাভাটাত ভাটাৰ মালিক পক্ষই লক্ষীমপুৰৰ AS-07-BC-6342 বলেৰ' বাহনত ইটা জপা কামত নিয়োজিত কৰিছিল মৃত্যু মুখত পৰা শিশুটিৰ উপৰি আন দুজন শিশুক ৷ শিশুটিয়ে বলেৰ' বাহনলৈ ইটা কঢ়িয়াই জাপি থকাৰ সময়তে বলেৰ' বাহন খন পিছুৱাই আহে যাৰ ফলত তেওঁৰ মৃত্যু হয়।

প্ৰথম অৱস্থাত আহত শিশুটিক ইটাভাটাৰ মালিক পক্ষই ততালিকে স্থানীয় কেথলিক হস্পিতালত ভৰ্তি কৰে যদিও কেথলিক হস্পিতালে উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলিজ হস্পিতাললৈ প্ৰেৰণ কৰে ৷ তেজপুৰ মেডিকেল কলেজ হস্পিতালত শিশুটিয়ে মৃত্যুক সাৱতি লয় ৷

মৃত্যু হোৱা শিশুটি প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ আছিল। প্ৰশ্ন উত্থাপন হৈছে, বিভিন্ন জনে এই ইটাভাটা সমূহৰ বিৰুদ্ধে অভিযোগ কৰাৰ পাছতো জিলা প্ৰশাসনে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই? ইটাভাটা মালিক গোষ্ঠীয়ে অবৈধভাৱে খেতি পথাৰ খনন চলোৱাই নহয় খেতি পথাৰত গভীৰ গাঁত সৃষ্টি কৰি মাটি খনন চলাই আহিছে ৷ সমান্তৰালভাৱে ইটাভাটাৰ মালিক গোষ্ঠীটোৱে শিশু শ্ৰমিক নিয়োগ কৰি এক অপৰাধো সংঘটিত কৰি আহিছে। গতিকে পৰৱৰ্তী সময়ত এই ইটাভাটাৰ মালিক সমূহৰ বিষয়ে ব্যৱস্থা গ্ৰহণ কৰিব নে নাই সেয়া হ'ব লক্ষণীয়।

Also Read: মিত্ৰতা নে শত্ৰুতা! নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ- আপৰ মাজত সংঘাতৰ উকমুকনি

Assam police