SI প্ৰশ্নকাতত ফাদিলৰ সৰ্ন্দভত আটক সোন্টি কোঁচ…

SI প্ৰশ্নকাতত ফাদিলৰ সৰ্ন্দভত আটক সোন্টি কোঁচ…

ডিজিটেল সংবাদ, নগাঁও : অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ অভিযোগত মঙল বাৰে পুৱা এজন যুৱকক নগাঁও আৰক্ষীয়ে আটক কৰিছে ৷ আটক কৰা যুৱক জনৰ নাম সোন্টি কোঁচ ৷ কোঁচক আটক কৰি আৰক্ষীয়ে নগাঁও সদৰ থানাত জেৰা কৰি আছে ৷

প্ৰশ্ন কাকত ফাদিলৰ সৰ্ন্দভত বৰ্তমানলৈকে তিনিজন যুৱকক আৰক্ষীয়ে আটক কৰিছে ৷ সোমবাৰে নগাঁও জিলাৰ চাংচকিৰ পিন্টু গোহাই নামৰ যুৱক জনক আৰক্ষীয়ে প্ৰথমে আটক কৰিছিল ৷ পিন্টুৰ পিছত আটক কৰিছিল প্ৰাঞ্জল দেউৰীক ৷ প্ৰাঞ্জলৰ ঘৰ মিকিৰভেটাত ৷ পিন্টু , প্ৰাঞ্জলক বৰ্তমান কামপুৰ থানাত সোধপোচ চলাই থকা হৈছে ৷

দুই যুৱকৰ স্বীকাৰোক্তিৰ ভিত্তিত মঙ্গল বাৰে পুৱা নগাঁও সদৰ থানাৰ আৰক্ষী বিষয়া মনোজ ৰাজবংশীয়ে মৰিকলঙৰ পৰা আটক কৰে সোনমনি কোঁচক ৷ সোনমনিৰ ঘৰ মৰিগাঁও জিলাত ৷ যুৱক জনে নগাঁৱৰ এটা কুৰিয়াৰ চাৰ্ভিচত কাম কৰে ৷

জানিব পৰা মতে সোনমনিয়েও আৰক্ষী উপ পৰিদৰ্শক পদৰ বাবে পৰীক্ষা দিছিল ৷ গুৱাহাটীত পৰীক্ষাত বহা সোনমনিয়ে পৰীক্ষা কোঠাৰ পৰা বাহিৰলৈ ওলাই আহোতে পৰীক্ষাৰ নিৰীক্ষকৰ কোনো বাধা নোপোৱাৰ বাবে প্ৰশ্ন কাকত সহ বাহিৰলৈ গুছি আহিছিল ৷ পিছত ম'বাইলত ফটো তুলি বন্ধু বান্ধবলৈ প্ৰশ্ন কাকত খন প্ৰেৰণ কৰিছিল ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in