লামডিঙত ভয়ংকৰ পথ দুৰ্ঘটনা…

লামডিঙত ভয়ংকৰ পথ দুৰ্ঘটনা…

ডিজিটেল সংবাদ,লামডিঙ: লামডিঙত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৷ লামডিঙ ইটাভাটা চাৰিআলিত এখন চাৰিচকীয়া বাহনে তিনিজনকৈ লোকক খুন্দা মৰা ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ৷ ৰবিবাৰে নিশা সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।

জানিব পৰা মতে লামডিঙৰ অৰ্নৱ গুপ্তা নামৰ এজন যুৱকে নম্বৰ প্লেটবিহীন নতুন চাৰিচকীয়া বাহন শিকি থকাৰ অৱস্থাত বাহনখনৰ নিয়ন্ত্ৰন হেৰুৱাই ইটাভাটা চাৰিআলীৰ অঞ্চলটোতে থকা এখন দোকানত খুন্দা মাৰে ৷ দোকানখনত বহি থকা গোপাল দাস ,দূৰ্গা পাচী আৰু ১২ বছৰীয়া কিশোৰী দুলাৰী পাচীৰ গাড়ী খুন্দাত গুৰুত্ব ভাৱে আহত হয় ৷

আহত হোৱা তিনিও জন লোকক হোজাই হাম হস্পিতেলত ভৰ্তি কৰায় যদিও তাৰ ভিতৰত গোপাল দাস নামৰ বৃদ্ধজনৰ অৱস্থা অতি সংকটজনক হোৱাৰ বাবে উন্নতি চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে ৷ আনফালে দুৰ্ঘটনাগ্ৰস্ত হোৱা বাহনখন ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰাৰ লগতে বাহনখনৰ চালক অৰ্নব গুপ্তাকো সোধ পোছৰ বাবে আৰক্ষীয়ে এটা নিশাৰ বাবে আটক কৰিছিল যদিও পৰৱৰ্তী সময়ত আইনী প্ৰক্ৰিয়াভাৱে এৰি দিছিল ৷

জানিব পৰামতে কিছুদিন পূৰ্বে অৰ্নব গুপ্তাই গাড়ীখন কিনিছলে আৰু অৰ্নবে গাড়ীখন চলাবলৈ শিকি আছিলে ৷ যাৰ ফলত হঠাৎ নিয়ন্ত্ৰন হেৰুৱাই দুৰ্ঘটনা সংঘটিত হয় ৷ আনফালে তিনিজনকৈ লোকক গাড়ীৰে দুৰ্ঘটনা কৰা সমগ্ৰ ঘটনা গাপ দিবলৈ চেষ্টা কৰিছিল যদিও লামডিঙ আৰক্ষীৰ তৎপৰতাত সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in