চাকৰিৰ পৰা বৰ্খাস্ত SI নিপু কলিতাক; জনালে জি পি সিঙে...

এছ.আই.(ইউ.বি) নিপু কলিতাক চাকৰিৰ পৰা বৰ্খাস্ত। সামাজিক মাধ্যমত এই কথা ব্যক্ত কৰিলে জি পি সিঙে

author-image
Asomiya Pratidin
New Update
আৰক্ষীয়ে মহিলাক চোচৰাই নিয়া ভিডিঅ' সন্দৰ্ভত স্পষ্টীকৰণ  জি পি সিঙৰ

ডিজিটেল ডেস্ক : এছ.আই.(ইউ.বি) নিপু কলিতাক চাকৰিৰ পৰা বৰ্খাস্ত। সামাজিক মাধ্যমত এই কথা ব্যক্ত কৰিলে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে।

Advertisment

বিগত ২৭ জুনত ডিপি নম্বৰৰ ০৭/২০২১ৰ লগত সম্পৰ্কিত উৎকোচ লোৱা ঘটনাৰে জড়িত থকাৰ অপৰাধত বৰ্খাস্ত কৰা হয় আৰক্ষী বিষয়াজনক। অসম সেৱাৰ অনুশাসন আৰু আপীল নিয়ম, ১৯৬৪ৰ অধীনত অসম আৰক্ষীৰ নিয়ম ৬৬ৰ নিয়ম আইন ২০০৭ আৰু সংবিধানৰ ৩১১ আৰটিচিৰ অধীনত দোষী সাব্যস্ত কৰা হৈছে আৰক্ষী বিষয়া নিপু কলিতাক।

অসম আৰক্ষীৰ একাংশ বিষয়াই দুৰ্নীতিত লিপ্ত হৈ পৰাৰ কেইবাটাও ঘটনাৰ পিছত আৰক্ষী সঞ্চালকজনে সামাজিক মাধ্যমত ব্যক্ত কৰা এই খবৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Also Read: মুখ্যমন্ত্ৰীৰে বার্তালাপ শ্ৰীশ্ৰীগোপালদেৱ সেৱক সমাজৰ; ২৩ দফীয়া স্মাৰক পত্ৰ...

Assam police