এছ আই জোনমণি ৰাভা কাণ্ডঃ CBI-এ দাখিল কৰিলে প্ৰথমটো অভিযোগনামা...

এছ আই জোনমণি ৰাভা কাণ্ডঃ CBI-এ দাখিল কৰিলে প্ৰথমটো অভিযোগনামা...
এছ আই জোনমণি ৰাভা কাণ্ডঃ CBI-এ দাখিল কৰিলে প্ৰথমটো অভিযোগনামা...

ডিজিটেল ডেস্কঃ ১৬ মে'ৰ পুৱতি নিশা সংঘটিত হোৱা এক ৰহস্যজনক পথ দুৰ্ঘটনাত মৃত্যু হোৱা এছ আই জোনমণি ৰাভাৰ গোচৰৰ প্ৰথমটো অভিযোগনামা দাখিল কৰিলে চি বি আইয়ে। উল্লেখ্য যে, জোনমণি ৰাভাৰ এই ঘটনাক হত্যাকাণ্ড আখ্যা দি ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে প্ৰতিবাদো হৈছিল।

এই কাণ্ডৰ সৈতে তদানীন্তন নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেৰ লগতে নগাওঁ আৰক্ষী কেইবজনো বিষয়াৰ নাম সাঙোৰ খাইছিল। এই ঘটনাৰ তদন্ত প্ৰথমে চি আই ডিয়ে আৰম্ভ কৰোঁতেই সমগ্ৰ ঘটনাৰ সৈতে লখিমপুৰ জিলাৰ নাওবৈচাৰ বঙালমৰাৰ নকল সোণ ব্যৱসায় আৰু নকল নোটৰ চক্ৰটো পোহৰলৈ আহিছিল।

আনহাতে জোনমণি ৰাভাৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা, পৰিৱেশ, পৰিস্থিতিয়ে সমগ্ৰ ঘটনাটোক ৰহস্যৰ মাজলৈ থেলি দিছিল। বিশেষকৈ ঘটনা সংঘটিত হোৱাৰ আগদিনা সন্ধিয়া এছ পিক সাক্ষাৎ কৰা, সেই দিনাই নিশা নগাওঁ চহৰত উদ্দেশ্যহীন ভাৱে জোনমণি ৰাভা ঘূৰি ফুৰা, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়তে জোনমণি ৰাভাৰ ঘৰত নগাওঁ আৰক্ষীৰ এটা দলে তালাচী চলোৱা, মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ভিডিঅ' ৰেকৰ্ডিং নকৰা, ট্ৰাক চালকক আটক কৰি জামিনত মুকলি হোৱাৰ সুবিধা কৰি দিয়া, ভাইৰেল কল ৰেকৰ্ডিং, জোনমণি ৰাভাৰ দেহৰ পাছফালে আঘাতৰ চিন আদি ঘটনাই সমগ্ৰ ঘটনাক ৰহস্যৰ মাজলৈ লৈ গৈছিল।

যাৰ বাবে এই ঘটনাৰ তদন্ত চিবিআইক দিয়াৰ দাবী উত্থাপন হৈছিল। অৱশেষত এই ঘটনাৰ তদন্ত চি বি আইয়ে লৈ ডি আই জি লাভলী কাটাৰিয়াৰ নেতৃত্বত এটা দল তদন্তৰ বাবে প্ৰেৰণ কৰিছিল।

সেই তদন্তকাৰী দলটোৱে সুদীৰ্ঘদিন তদন্ত কৰি এছ আই জোনমণি ৰাভা কাণ্ডৰ প্ৰথমটো গোচৰৰ অভিযোগনামা দাখিল কৰিলে। এই গোচৰটো লখিমপুৰ সদৰ থানাত ৯৬/২০২৩ নম্বৰত ৰুজু হৈছিল।

গোচৰটোৰ তদন্ত চলাই চি বি আইয়ে ৪ জন অভিযুক্তৰ নাম উল্লেখ কৰিছে। সেই অভিযুক্ত কেইজন ক্ৰমে নুৰ মহম্মদ, আজিজুৰ ৰহমান, ৰিয়াজুল ইছলাম আৰু মজিবুৰ ৰহমান।

এছ আই জোনমণি ৰাভা কাণ্ডঃ CBI-এ দাখিল কৰিলে প্ৰথমটো অভিযোগনামা...
চন্দ্ৰত 'চন্দ্ৰযান-৩'ৰ অৱতৰণৰ মহেন্দ্ৰক্ষণৰ সাক্ষী হ'বলৈ বিশ্বজুৰি উৎকণ্ঠা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in