বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিশ্যন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ১০০%

বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিশ্যন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ  ১০০%

ডিজিটেল সংবাদ , বঢ়মপুৰ : শনিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উজলিল নগাঁৱৰ বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিশ্যন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৩ গৰাকী ছাত্ৰ- ছাত্ৰী। বিদ্যালয়খনৰ পৰা মুঠ ৩ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি বিদ্যালয়খনৰ শিক্ষাৰ্থী ক্ৰমে- ৰূপম বিশ্বাস (৬৪.১৬ শতাংশ) , মাইনু বেগম (৬৩.৩ শতাংশ) আৰু মিনাক্ষী সিংহা (৬২.৬ শতাংশ) য়ে প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে ।

উল্লেখ্য যে, এইসকল শিক্ষাৰ্থীৰ মাজৰে ৰূপম বিশ্বাসে সুমধুৰ গীত পৰিৱেশন কৰাৰ লগতে তবলা আৰু কীবৰ্ড বজোৱাত বিশেষ পাৰদৰ্শিতা আছে বুলি জানিব পৰা গৈছে । স্মর্তব্য যে , বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীকেইজনৰ পৰ্যাপ্ত নাছিল কিতাপ । ৰেকৰ্ডিং শুনি কঠিন সংগ্ৰামক জীৱনৰ ব্ৰত হিচাপে লৈ কাঁইটীয়া পথেৰে তিনিগৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীণ হৈছিল আৰু কিতাপ নথকা প্ৰত্যাহবান বুকুত বান্ধিয়ে সফলতাৰে উত্তীৰ্ণ হৈ শ্ৰীমন্ত শংকৰ মিছন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগতে বৃহত্তৰ বঢ়মপুৰ অঞ্চললৈ ছাত্ৰ-ছাত্ৰী কেইগৰাকীয়ে গৌৰৱ কঢ়িয়াই আনিলে।

ছাত্ৰ-ছাত্ৰীকেইজনৰ এই সাফল্যক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে সমগ্ৰ বঢ়মপুৰবাসী ৰাইজ। উল্লেখ্য যে , ১৯৯৯ চনৰ পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ এশ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ সফলতাৰ ধাৰা অব্যাহত আছে ।

বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিশ্যন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ  ১০০%
বহিঃৰাজ্যৰ ৪ চাইবাৰ অপৰাধীক গ্রেপ্তাৰ বশিষ্ঠ আৰক্ষী আৰু অপৰাধ শাখাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in