জামুগুৰিহাটৰ পুৰণিভেটিত সাত দিনীয়া কাৰ্যসূচীৰে শ্ৰী মদ্ভাগৱত সপ্তাহৰ আয়োজন...

জামুগুৰিহাটৰ পাণপুৰস্থিত পুৰণিভেটিত সাত দিনীয়া কাৰ্যসূচীৰে শ্ৰী মদ্ভাগৱত সপ্তাহ জ্ঞান মহাযজ্ঞ সমাৰোহ অনুষ্ঠিত হৈছে
জামুগুৰিহাটৰ পুৰণিভেটিত সাত দিনীয়া কাৰ্যসূচীৰে শ্ৰী মদ্ভাগৱত সপ্তাহৰ আয়োজন...

ডিজিটেল সংংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ পাণপুৰস্থিত পুৰণিভেটিত সাত দিনীয়া কাৰ্যসূচীৰে শ্ৰী মদ্ভাগৱত সপ্তাহ জ্ঞান মহাযজ্ঞ সমাৰোহ অনুষ্ঠিত হৈছে ।

পুৰণিভেটি অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী বিষ্ণু চাপকটাৰ পৰিয়ালবৰ্গৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত শ্ৰী মদ্ভাগৱত পাঠ অনুষ্ঠানৰ মূল প্ৰবচক হিচাবে অংশগ্ৰহণ কৰে পণ্ডিত শ্ৰী ভাস্কৰ ভণ্ডাৰীয়ে৷

ভাগৱতৰ তাৎপৰ্য ব্যাখ্যা কৰি পণ্ডিত গৰাকীয়ে কয় শ্ৰী মদ্ভাগৱত কেৱল এটি ধৰ্মীয় গ্ৰন্থই নহয় ই হ'ল ভাৰতীয় সমাজ-সংস্কৃতি, জীৱন দৰ্শনৰ প্ৰতিভূ স্বৰূপ । সাংস্কৃতিক অনুষ্ঠান আদিয়ে মানুহৰ মাজত একতা আৰু ভাতৃত্বৰ বান্ধোন টনকিয়াল কৰে ।

ভাগৱতৰ জ্ঞান মহাযজ্ঞত ৰাইজ আহি অংশগ্ৰহণ কৰে । লগতে সমূহ ৰাইজে এনে এক সুন্দৰ ধৰ্মীয় অনুস্থানৰ প্ৰচেষ্টাক সলাগ লয় ।

জামুগুৰিহাটৰ পুৰণিভেটিত সাত দিনীয়া কাৰ্যসূচীৰে শ্ৰী মদ্ভাগৱত সপ্তাহৰ আয়োজন...
"২০২৪ ৰ নিৰ্বাচনত জনতা বনাম বিজেপিৰ মাজত নিৰ্বাচনী যুঁজ হ’ব"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in