/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/3b6647ef-65e7-4fad-97b6-5e266bd1cb54/00.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাট : দুৰ্গা পূজাৰ আনন্দৰ মাজতে জামুগুৰিহাটৰ LK PRODUCTION ৰ বেনাৰত নির্মিত চুটি ছবি "দেৱী বিসর্জন"ৰ ট্রেইলাৰ মুকলি কৰা হয় ৷ অহা ১৭ ডিচেম্বৰত ছবিখনে মুক্তি পাব বুলি প্ৰযোজকে জানিবলৈ দিয়ে। লিখক নাথৰ কাহিনী,চিত্রনাট্য,সংলাপ পৰিচালনা তথা সম্পাদনা আৰু সংগীত পৰিচালনাৰ নির্মিত চুটি ছবিখন জামুগুৰিহাটৰ শংকৰ মাধৱ পুথিভঁৰাল প্রাংগণত কেইবাগৰাকী বিশিষ্ট অতিথিৰ উপস্থিতিত সাংবাদিক হিৰণ্য বৰাই শুভ উন্মোচন কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/fbc1106a-b5de-4520-abc4-34acbb38ccb8/c7923394_422a_4f4e_96b9_a3994f38963d.jpg)
বর্তমান সমাজত নাৰীসকলক লৈ ঘটি থকা ঘটনা আলম লৈ নির্মিত ছবিখনক দর্শকে আকোৱালি ল'ব বুলি আশা প্রকাশ কৰিছে ৷ লিখক নাথে বিগত সময়টো কেইবাখনো চুটি ছবি নিৰ্মাণ কৰি ৰাষ্ট্রীয় আৰু আন্ত:ৰাষ্ট্রীয় পর্য্যায়ত সন্মান বুটলি আনিবলৈ সক্ষম হৈছে ৷ ছবিখন LK SOUND PRODUCTION ত মুকলি কৰা হ'ব ৷