বিশিষ্ট ব্যৱসায়ী, ছবি প্ৰযোজক কমল বৰাৰ দেহাৱসান

বিশিষ্ট ব্যৱসায়ী, ছবি প্ৰযোজক কমল বৰাৰ দেহাৱসান

author-image
Asomiya Pratidin
New Update
বিশিষ্ট ব্যৱসায়ী, ছবি প্ৰযোজক কমল বৰাৰ দেহাৱসান

ডিজিটেল ডেস্কঃ কামপুৰৰ বিশিষ্ট ব্যৱসায়ী, সাংস্কৃতিক কৰ্মী, সমাজ সেৱক, ক্ৰীড়া সংগঠক, ছবি প্ৰযোজক তথা কামপুৰৰ প্ৰথম ছবিগৃহ ৰাজকমল চিনেমা হলৰ স্বত্তাধিকাৰী কমল বৰাৰ দেহাৱসান। বৃহস্পতিবাৰে পুৱা ৮ বজাত জাপানীজ এনকেফেলাইটিছত আক্রান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট ব্যৱসায়ী গৰাকীয়ে।

Advertisment

কামপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি প্ৰয়াত কমল বৰা কামপুৰ অঞ্চলৰ বিভিন্ন সাংস্কৃতিক-সামাজিক কাম-কাজৰ সৈতে জড়িত আছিল। কামপুৰ ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি কমল বৰাই কামপুৰ অঞ্চলৰ ক্ৰীড়া উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছিল।

জনপ্ৰিয় অসমীয়া কথাছবি 'ককা দেউতা নাতি আৰু হাতী' আৰু 'আজলী নবৌ'কে আদি কৰি কেইবাখনো অসমীয়া বোলছবিৰ প্ৰযোজনাৰ সৈতেও জড়িত আছিল প্ৰয়াত বৰা। সহ প্ৰযোজক হোৱাৰ উপৰি কথাছবিখনত অভিনয়ো কৰিছিল প্ৰযোজকগৰাকীয়ে। মলয়া গোস্বামী অভিনিত 'মাঁ' কথাছবিৰ প্ৰযোজনাও কৰিছিল বিশিষ্ট ব্যৱসায়ীগৰাকীয়ে। উল্লেখ্য যে, 'ককা দেউতা নাতি আৰু হাতী' বোলছবিখনৰ অধিকাংশ চিত্ৰগ্ৰহণ প্ৰয়াত কমল বৰাৰ বাসগৃহতে কৰা হৈছিল।

জানিব পৰা মতে, জাপানীজ এনকেফেলাইটিছত আক্রান্ত হৈ বহুদিনৰ পৰা গুৱাহাটীত চিকিৎসাধীন হৈ আছিল বৰা। কিছুদিন পূৰ্বেই তেওঁক গুৱাহাটীৰ পৰা কামপুৰস্থিত নিজ বাসগৃহলৈ নিয়া হৈছিল। বৃহস্পতিবাৰে পুৱা কামপুৰৰ শান্তিপট্টিস্থিত নিজ বাসগৃহতেই ইহলীলা সম্বৰণ কৰে বিশিষ্ট প্ৰযোজকগৰাকীয়ে।

কমল বৰাৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতেই যঠেষ্ট সংখ্যক গুণমুগ্ধই তেওঁৰ বাসগৃহত উপস্থিত হৈ তেওঁক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। সমাজকৰ্মীগৰাকীৰ মৃত্যুত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, কামপুৰ উন্নতি সাধিনী সভা, কামপুৰ শাখা সাহিত্য সভা, কামপুৰ ব্যৱসায়ী সন্থা, কামপুৰ পৌৰ সভা, কামপুৰ ক্ৰীড়া সন্থাৰ সভাপতি বাবুল বৰা, সম্পাদক সুনীল ভূঞা আদি কৰি অৰ্ধশতাধিক অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত বৰাই পত্নী-কন্যাসহ বহু আত্মীয়স্বজন ইহ সংসাৰত এৰি যায়।

Also Read: অমানবীয় : খাদ্যৰ বাবেই কাজিয়া কৰি মাতৃক জ্বলাই দিলে নিজ পুত্ৰই

nagaon