তিলানা নবীন চন্দ্ৰ তামুলী কৃষি ফাৰ্মত শিৱৰাত্ৰি পূজাৰ আয়োজন...

তিলানা নবীন চন্দ্ৰ তামুলী কৃষি ফাৰ্মত শিৱৰাত্ৰি পূজাৰ আয়োজন...
তিলানা নবীন চন্দ্ৰ তামুলী কৃষি ফাৰ্মত শিৱৰাত্ৰি পূজাৰ আয়োজন...

ডিজিটেল সংবাদ বাঁহজানীঃ নলবাৰী জিলাৰ বাঁহজানীৰ অন্তৰ্গত তিলানা নবীন চন্দ্ৰ তামুলী কৃষি ফাৰ্মত অৱস্থিত ঐতিহাসিক শিৱ মন্দিৰত অইন বেলিৰ দৰে এই বেলিও অহা ১৮ ফেব্ৰুৱাৰীত বিভিন্ন কাৰ্যসূচীৰে ৪৯ সংখ্যক শ্ৰীশ্ৰী শিৱৰাত্ৰি পূজাৰ আয়োজন কৰা হৈছে। উল্লেখ্য যে, বিশিষ্ট সমাজসেৱক গণেশ তামুলীয়ে প্ৰতি বছৰে নিজা উদ্যোগত উক্ত শিৱৰাত্ৰি পূজা ভাগ অনুষ্ঠিত কৰি অহাৰ লগতে প্ৰতিবাৰে পূজাত তামুলীয়ে নিশাৰ বিপৰীতে দিনৰ ভাগতে ব্যতিক্ৰমী সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে।

এইবেলিও শিৱৰাত্ৰি পূজা উপলক্ষে দিনৰ ১১ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ঠ সংগীত শিল্পী সমৰ হাজৰিকা, কুইন তালুকদাৰ, অজয় ফুকনকে ধৰি কেবাগৰাকী আমন্ত্ৰিত শিল্পীয়ে গীত পৰিবেশন কৰিব।

উক্ত অনুষ্ঠানত বিশিষ্ট অভিনেতা অতুল পাচনি, অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত,মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে ধৰি বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। দুপৰীয়া ভোগ বিতৰণ।

সন্ধিয়া শিৱ পূজা আৰম্ভ। তাৰ পিছতে মহিলাৰ নাগাৰা নাম পৰিবেশন কৰিব হাজো ৰামদিয়াৰ পাঠিকা হিমাশ্ৰী দাসে। নিশা মহাশান্তি আৰু নিৰ্মালী প্ৰদানৰ পিছত প্ৰসাদ বিতৰণেৰে শিৱৰাত্ৰি পূজাৰ সামৰণি পৰিব।

সমূহ কাৰ্যসূচীত ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে শিৱৰাত্ৰী পূজা উদযাপনৰ মুখ্য উদ্যোক্তা বিশিষ্ট সমাজসেৱক গণেশ তামুলীয়ে।

তিলানা নবীন চন্দ্ৰ তামুলী কৃষি ফাৰ্মত শিৱৰাত্ৰি পূজাৰ আয়োজন...
প্ৰমোদ বড়োৰ প্ৰত্যাহ্বানঃ ৩০ ফেব্ৰুৱাৰীত কিদৰে দাখিল হয় বিল উত্তৰ দিয়ক হাগ্ৰামাই..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in