প্ৰমোদ বড়োৰ প্ৰত্যাহ্বানঃ ৩০ ফেব্ৰুৱাৰীত কিদৰে দাখিল হয় বিল উত্তৰ দিয়ক হাগ্ৰামাই..

প্ৰমোদ বড়োৰ প্ৰত্যাহ্বানঃ ৩০ ফেব্ৰুৱাৰীত কিদৰে দাখিল হয় বিল উত্তৰ দিয়ক হাগ্ৰামাই..
প্ৰমোদ বড়োৰ প্ৰত্যাহ্বানঃ ৩০ ফেব্ৰুৱাৰীত কিদৰে দাখিল হয় বিল উত্তৰ দিয়ক হাগ্ৰামাই..

ডিজিটেল সংবাদ কোকৰাঝাৰঃ 'হাগ্ৰামা মহিলাৰীয়ে জনতাক বিপথে পৰিচালিত কৰিব বিচাৰিছে । বন্দুক বাৰুদৰ খেলা বহুত হ’ল ৷ এতিয়া সমাজখন সুস্থভাৱে আগবাঢ়িছে ,শান্তি ঘূৰি আহিছে আৰু উন্নয়ন হৈছে ৷ জাতিয়ে যি পাব লাগে পাইছে , যি হেৰাব লাগে হেৰুৱাইছে ।'- এই মন্তব্য কৰিছে বি টি চিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে।

আজি বড়োলেণ্ড বিশ্ববিদ্যালয়ত অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া আন্ত:ৰাষ্ট্ৰীয় নলেজ উৎসৱৰ ( International knowledge festival) লাইখুঁটা স্থাপন কৰি সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত বি টি চিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে উক্ত মন্তব্য প্ৰকাশ কৰিছে ।

হাগ্ৰামা মহিলাৰীয়ে জনতাক বিপথে পৰিচালিত কৰিব খুজিলে নিজেই বিপথে যাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰি মহিলাৰীয়ে ভুৱা অভিযোগ দিয়াৰ পূৰ্বে তেওঁলোকৰ চৰকাৰৰ সময়ত ২৯০০ কোটিৰ Liability কেনেকৈ হ'ল, ৩০ ফেব্ৰুৱাৰীতো কেনেকৈ বিল দাখিল হ'ল, কেনেদৰে ভুৱাভাৱে ১৫০০ কোটি টকাৰ administrative approval দিলে তাৰ বাখ্যা প্ৰথমে কৰিবলৈ আহ্বান জনাইছে । ভৱিষ্যতে বড়োলেণ্ডত কোনেও যাতে হৰলুকি কৰিব নোৱাৰে তাৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ।

ইপিনে বি পি এফৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত কেইদিনমান পূৰ্বে হাগ্ৰামা মহিলাৰীয়ে কৰা অভিযোগ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰমোদ বড়োই কয় যে, হাগ্ৰামা মহিলাৰীয়ে অকল অভিযোগৰে দায়িত্ব সামৰিব খোজাটো দুৰ্ভাগ্যজনক । যি সময়ত শান্তি ঘূৰি আহিছে তেনে সময়তে হাগ্ৰামা মহিলাৰীয়ে আবোল-তাবোল বলকি সমাজক বিপথে পৰিচালিত কৰিব চেষ্টা কৰাটো অকল দুৰ্ভাগ্যজনকেই নহয় ই গৰিহণাৰো যোগ্য। তেওঁ হাগ্ৰামাক প্ৰমাণ সাব্যস্থ কৰিবলৈ আদালতৰ কাষ চপাৰ প্ৰত্যাহ্বান জনাইছে ৷

ইপিনে বনাঞ্চলত কৰা বেদখলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে কয় যে, যাৰ মাটি নাই তাক সংস্থাপিত কৰা হ'ব। কিন্তু যিসকলৰ চহৰত অট্টালিকা থাকিও বনাঞ্চল বেদখল কৰিছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

আনহাতে কোকৰাঝাৰকে ধৰি বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ সতে জড়িত দোষীক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে । আনহাতে বি টি চিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৱে বেদখল সন্দৰ্ভত নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

বড়োলেণ্ডত পূৰ্বৰ কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰীকে ধৰি বহু ভব্য গব্য লোকে বনাঞ্চল বেদখল কৰি চাহবাগান কৰিছে বুলি মন্তব্য কৰি বেদখলৰ বিৰুদ্ধে কঠোৰ কাৰ্যকাৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদৰি কৰিছে । বড়োলেণ্ডত ১৫০০০ হেক্টৰ ভূমি বেদখল কৰি চাহবাগান কৰিছে আৰু ইয়াত প্ৰায় এক লাখ লোক পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে জড়িত হৈ আছে বুলি দাবী কৰি কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৱে এই সকলোবোৰ চৰকাৰৰ আওঁতালৈ অনা হ'ব বুলি সদৰি কৰে ।

প্ৰমোদ বড়োৰ প্ৰত্যাহ্বানঃ ৩০ ফেব্ৰুৱাৰীত কিদৰে দাখিল হয় বিল উত্তৰ দিয়ক হাগ্ৰামাই..
বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিবেশনক লৈ ব্যাপক প্ৰস্তুতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in