ৰেডিশ্বন ব্লুলৈ আহিয়েই আছে শিৱসেনাৰ বিসম্বাদী বিধায়ক…

ৰেডিশ্বন ব্লুলৈ আহিয়েই আছে শিৱসেনাৰ বিসম্বাদী বিধায়ক…

author-image
asomiyapratidin
New Update
কেৱল প্ৰতিবাদেই নহয়, একনাথ বাহিনীক অসম এৰি যাবলৈ পত্ৰও লিখিলে APCCৰ সভাপতি ভূপেন বৰাই…

ডিজিটেল ডেস্ক: ৰেডিশ্বন ব্লুৰ পৰা একনাথ সিন্ধেৰ নেতৃত্বত চলা উদ্ধৱ থাকৰে হটাও অভিযান অব্যাহত আছে। ইজনৰ পাছত সিজন শিৱসেনাৰ বিধায়ক আহি যোগ দিছেহি সিন্ধেৰ শিবিৰত।

এতিয়ালৈকে কিন্তু কেতিয়ালৈ মহাৰাষ্ট্ৰলৈ উভতি গৈ শক্তি যুঁজত অৱতীৰ্ণ হব সেয়া স্পষ্ট হোৱা নাই। দেওবাৰে আৱেলি আৰু এজন শিৱসেনাৰ বিসম্বাদী বিধায়কে আহি হোটেল ৰেডিশ্বন ব্লুত প্ৰৱেশ কৰে।

ইফালে চুৰাটৰ পৰা বিশেষ বিমানেৰে আন ৪ জন শিৱসেনাৰ বিধায়ক গুৱাহাটীলৈ আহি থকা বুলি জানিব পৰা গৈছে। সিন্ধেৰ দাবী আৰু কেইবাজনো শিৱসেনাৰ জ্যেষ্ঠ নেতাই তেওঁলোকৰ সৈতে যোগ দিব।

সেই সকলৰ ভিতৰত শিৱসেনাৰ সাংসদো আছে বুলি তেওঁ দাবী কৰিছে। আনহাতে শিৱসেনাৰ জ্যেষ্ঠ নেতা সঞ্জয় ৰাউটে বিসম্বাদী বিধায়ক সকলক আলোচনাৰ বাবে মহাৰাষ্ট্ৰলৈ মাতি থকাৰ বিপৰীতে আইনী যুঁজতো অৱতীৰ্ণ হোৱাৰ সম্ভাৱণা আছে।

আৱেগিকভাৱে বিসম্বাদী বিধায়ক সকলক আহ্বান জনোৱাৰ বিপৰীতে মহাৰাষ্ট্ৰত উত্তেজনাময় পৰিৱেশ সৃষ্টি কৰি এই প্ৰক্ৰিয়াটোৰ পৰা তেওঁলোকক আঁতৰ কৰিবলৈ চেষ্টা চলাই আছে শিৱসেনাৰ উদ্ধৱ থাকৰেৰ বাহিনীয়ে।

অযোগ্য বিধায়ক ৰূপে ঘোষণা কৰিবলৈ যি ১৬ জন বিসম্বাদী বিধায়কৰ তালিকা শিৱসেনাই দাখিল কৰিছে তেওঁলোকৰ নিৰাপত্তাক লৈ তাৎপৰ্যপূৰ্ণ ভাৱে কেন্দ্ৰীয় চৰকাৰ উদ্বিগ্ন হৈ পৰিছে।এই ১৬ জন বিধায়ককে গৃহ মন্ত্ৰণালয়ে প্ৰদান কৰিছে ৱাই কেটেগৰী নিৰাপত্তা।

৫ দিনৰ বাবে ৰেডিশ্বন ব্লুৰ হোটেলৰ কোঠা বুক কৰিলেও আৰু দুটা দিনৰ বাবে হোটেলৰ কোঠা বুক কৰাৰ ফলত এই প্ৰক্ৰিয়া যে দুই এদিনতে ওৰ নপৰে সেয়া নিশ্চিত।

আৰু পঢ়ক: ট্ৰেক্টৰেৰে খুন্দিয়াই হত্যাৰ চেষ্টা আৰক্ষী বিষয়াক…

assam maharashtra shiv sena bjp guwahati