/asomiyapratidin/media/media_files/2025/03/02/M9b5XD1Npuu3dc1L8iPk.jpg)
মন্ত্ৰমুগ্ধ দেশী বিদেশী পৰ্যটক
ডিজিটেল সংবাদ, শিৱসাগৰ : প্ৰতিভাৱান শিল্পী কৌশিক কুমাৰ সন্দিকৈয়ে একাংশ যুৱক যুৱতীক নৃত্য শিক্ষাৰ প্ৰশিক্ষণ দি পৈনত কৰি তুলিছে ৷ এই প্ৰশিক্ষাৰ্থী সকলে আহৰণ কৰা শিক্ষাৰ বৰ্হিপ্ৰকাশ ঘটাই শিৱসাগৰত কালি নিশা দেশী বিদেশী পৰ্যটকৰ লগতে ৰংপুৰীয়াৰ মন মুহিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে শিৱসাগৰৰ ইতিহাসপ্ৰসিদ্ধ শিৱদ’লত চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা মহা শিৱৰাত্ৰি পূজা আৰু শিৱৰাত্ৰি মেলাৰ লগত সংগতি ৰাখি প্ৰতিনিশাই সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ অন্তিম নিশা হেজাৰ হেজাৰ লোকৰ উপস্থিতিত অভিজ্ঞানম নৃত্যম্ নৃত্য শিক্ষাৰ অভিকেন্দ্ৰ, শিৱসাগৰে সত্ৰীয়া আৰু কথক নৃত্যৰ যুগলবন্দীৰে তথা অসমৰ পৰম্পৰাগত সুৰৰ সমাহাৰেৰে শিৱ-সতীৰ পবিত্ৰ প্ৰেম গাথাক কেন্দ্ৰ কৰি 'শিৱস্য সতী কথা' নামৰ নৃত্য সংৰচনা প্ৰদৰ্শন কৰে।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলাৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী কৌশিক কুমাৰ সন্দিকৈৰ নৃত্য পৰিকল্পনা, পৰিচালনাৰে এই অনুষ্ঠান পৰিৱেশন কৰে। উপাখ্যান অনুসৰি দক্ষ ৰজাই সকলোকে আমন্ত্ৰণ জনাই মহা যজ্ঞৰ আয়োজন কৰে যদিও দেৱাদিদেৱ শিৱক ইচ্ছা কৰিয়েই এৰি চলিছিল ৷ অথচ শিৱ পত্নী আছিল দক্ষ ৰজাৰ তনয়া ৷
সতীয়ে স্বামী শিৱক কৰা অপমান সন্দৰ্ভত যজ্ঞথলীত উপস্থিত হৈ পিতৃৰ পৰা জানিব বিচাৰে যদিও দক্ষ ৰজাই শিৱৰ বিষয়ে অপমানসূচক বাক্য প্ৰয়োগেৰে তনয়াক তিৰস্কাৰ কৰে ৷ নিজৰ স্বামীক এনেদৰে কৰা অপমান সহিব নোৱাৰি সতীয়ে যজ্ঞথলীতেই দেহত্যাগ কৰে ৷ এই আখ্যানক লৈ অসমৰ বিভিন্ন স্থানত “ দক্ষ যজ্ঞ ” ভাওনা প্ৰদশৰ্ন কৰা হয় যদিও শিৱসাগৰৰ শিল্পী সকলে সত্ৰীয়া আৰু কথক নৃত্যৰ সংমিশ্ৰণত থলুৱা গীতৰ সুৰৰ আধাৰত “ শিৱস্য সতী কথা ” পৰিৱেশন কৰে ৷
গীত- নৃত্য আৰু দেৱ বাদ্যৰ বাদে “ শিৱস্য সতী কথা” ত নাছিল কোনো সংলাপ ৷ গীত - নৃত্য আৰু অভিনয়ৰ মাজেৰে শিল্পী সকলে পৌৰাণিক আখ্যানৰ কাহিনী সুন্দৰ ভাৱে উপস্থাপন কৰি হেজাৰ হেজাৰ লোকক মন্ত্ৰমুগ্ধ কৰে ৷ শিৱৰাত্ৰি মেলাত ভাগল’বলৈ অহা বহিঃৰাজ্যৰ হেজাৰ হেজাৰ লোকৰ লগতে বিদেশী পৰ্যটকেও সতী আৰু শিৱৰ প্ৰেম গাথাৰ আধাৰত সত্ৰীয়া আৰু কথক নৃত্যৰ মাজৰে অভিনয়ৰ যোগেদি উপস্থাপন কৰা “ শিৱস্য সতী কথা” প্ৰত্যক্ষ কৰি অভিভূত হয় ৷
শিৱসাগৰ উদ চিকিৎসালয়ৰ বিপৰীতে থকা খেমকা মাতৃ সেৱা সদনৰ সন্মুখৰ মণ্ডপৰ পৰা ঐতিহাসিক শিৱদ’লৰ সন্মুখলৈ দৰ্শকৰ ভীৰৰ বাবে বাট পাবলৈ নোহোৱা পৰিবেশত পৰিৱেশন কৰা অনুষ্ঠান উপভোগৰ বাবে বৃহৎ বৃহৎ এল চি ডি ৰ ব্যৱস্থা কৰা হয় ৷ নানাৰঙী বিজুলী চাকিৰ পোহৰ আৰু সুন্দৰ গীত নৃত্যৰ মাজেৰে আগবঢ়াই নিয়া সতী আৰু শিৱৰ প্ৰেম গাথাৰ উপস্থাপন শৈলী আছিল চমকপ্ৰদ ৷
শিৱ আৰু সতীৰ বিয়াৰ দৃশ্যৰ মাজেৰে কাহিনীভাগ আগবঢ়াই নিয়া হয় ৷ মণ্ডপৰ মূল মঞ্চত বিবাহ সম্পন্ন হৈ থকাৰ সময়ত মঞ্চৰ তলত অৰ্থাৎ দৰ্শক বহি থকা স্থানৰ সন্মুখত শিল্পী সকলে নৃত্য পৰিৱেশন কৰিছিল ৷ যাৰবাবে দৰ্শক সকলে নিচেই সমীপতেই শিল্পী সকলৰ নৃত্য গীত আৰু অভিনয় প্ৰত্যক্ষ তথা উপভোগ কৰাৰ সুযোগ লাভ কৰে ৷ দক্ষ ৰজাৰ যজ্ঞ মূল মঞ্চত সম্পন্ন কৰাৰ বিপৰীতে শিৱৰ ভক্ত দেৱতা তথা অসুৰে মঞ্চৰ তলত অৱস্থান কৰে ৷ দক্ষ ৰজাৰ ককৰ্থনা আৰু শিৱ সম্পৰ্কে কৰা অপমানজনক মন্তব্য সহিব নোৱাৰি মূল মঞ্চতে সতীয়ে দেহ ত্যাগ কৰাৰ পিছত শিৱৰাত্ৰি পূজা আৰু মেলাৰ সময়ত মহাদেৱ শিৱৰ বেশভূষাৰে শিৱৰ ভাৱত অৱতীৰ্ণ হোৱা শিল্পী গৰাকীয়ে গুৰু গম্ভীৰ খোজেৰে দৰ্শকৰ মাজেৰে আগুৱাই গৈ মঞ্চত প্ৰবেশ কৰা দৃশ্যই দৰ্শকক পুলকিত কৰে ৷
মঞ্চত প্ৰৱেশ কৰি শিৱই সতীৰ নশ্বৰ দেহ কান্ধত উঠাই লৈ তাণ্ডৱ নৃত্য পৰিৱেশ কৰাত আৰাধ্য দেৱতা বিষ্ণুৱে সুদৰ্শন চক্ৰৰে সতীৰ দেহ ছেদ কৰা দৃশ্য আছিল অতি কৌশলপূৰ্ণ ৷ বৃহৎ কাঠেৰে নিৰ্মাণ কৰা কেইবাটাও খণ্ড নৃত্য শিল্পীয়ে মঞ্চত সংযোজিত কৰি চক্ৰলৈ ৰূপান্তৰিত কৰে ৷ এই চক্ৰত কৃত্ৰিম ভাৱে আলোক আৰু ধোঁৱা সংযোজিত কৰা হয় ৷ এই অনুষ্ঠানৰ শেষত মহাদেৱ শিৱ আৰু বিষ্ণুক পিঠিয়াপিঠিকৈ সংযোজিত কৰা হয় ৷
“ শিৱস্য সতী কথা”ত দক্ষ ৰজা আৰু শিৱৰ ভাৱত কৌশিক কুমাৰ সন্দিকৈ, শিৱৰ আন কেইবাটাও ভাৱত দৰ্শন গগৈ, সতীৰ ভাৱত ৰন্টু দাস, বিষ্ণুৰ ভাৱত ত্ৰিনয়ন বৰঠাকুৰে সুন্দৰ অভিনয় কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ তদুপৰি নৃত্যশল্পী হিচাপে আয়না কলিতা, আৰাধ্যা শইকীয়া, দৰ্শন গগৈ, দীক্ষিতা গগৈ, গোপাল কৃষ্ণ, গৌৰৱ দাস, জনাৰ্দন হাজৰিকা, কমল কৃষ্ণ ঠাকুৰীয়া, কৃষ্টিকা কাকতি, নিবিড় গগৈ, নিলোৎপল গগৈ, ৰিন্টু, সুপ্ৰীয়া চাংমাই আৰু ত্ৰিনয়ন বৰঠাকুৰ হেজাৰ হেজাৰ দৰ্শকক মন্ত্ৰমুগ্ধ কৰে ৷