মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ধুবুৰী চৌহদত মধ্যযুগীয় অসমীয়া সাঁচিপতীয়া পুথি বিষয়ক বক্তৃতানুষ্ঠান

প্ৰাচীন পুথি সংৰক্ষণ কৰাৰ আহ্বান
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ধুবুৰী চৌহদত মধ্যযুগীয় অসমীয়া সাঁচিপতীয়া পুথি বিষয়ক বক্তৃতানুষ্ঠান

ডিজিটেল সংবাদ, ধুবুৰী : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ধুবুৰী চৌহদত আজি মধ্যযুগীয় অসমীয়া সাঁচিপতীয়া পুথি বিষয়ক এক বিদ্যায়তনীক মনোগ্ৰাহী বক্তৃতানুষ্ঠান সম্পন্ন হয়। বিশ্ববিদ্যালয়ৰ ধুবুৰী গোটৰ শাখা সমন্বয়ক ড° চন্দ্ৰকমল চেতিয়াই আঁতধৰা অনুস্থানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ভাৰতীয় নৃ-কুল গ্ৰন্থাগাৰ সংস্থাৰ আহ্বায়ক তথা বিলাসীপাৰা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক তথা বিশিষ্ট নিবন্ধকাৰ ড° হৰিচৰণ দাস।

অনুষ্ঠানটোত উপস্থিত থাকি ড° দাসে মধ্যযুগৰ অসমীয়া সাঁচিপাত আৰু তুলাপাতেৰে ৰচিত পুথিসমূহৰ আখৰ জোঁটনিৰ লগতে ইয়াৰ বিভিন্ন শৈলীৰ সম্পৰ্কে এক সাৰগৰ্ভ, তথ্যসমৃদ্ধ আলোচনা আগবঢ়াই। লগতে তেওঁ পশ্চিম অসমৰ বিশেষতঃ ধুবুৰী আৰু কোচবিহাৰ জিলাৰ বিভিন্ন অঞ্চলত বৰ্তমানলৈকে প্ৰাপ্ত আৰু বৰ্তমানেও উপযুক্ত সংৰক্ষণ অবিহনেই মানুহৰ হাতে হাতে থকা বহুকেইখন প্ৰাচীন ঐতিহ্যসম্পন্ন পুথিৰ সম্পৰ্কে সম্ভেদ প্ৰদান কৰে।

লগতে, মধ্যযুগীয় অসমত প্ৰচলিত গড়গঞা, কাইথেলী আৰু বামুণীয়া শৈলীৰ সমান্তৰাল ভাৱে সত্ৰশাল, মধুপুৰকে ধৰি এই অঞ্চলত উদ্ধাৰ হোৱা সাঁচিপতীয়া পুথিৰো এক পৃথক আৰু স্বতন্ত্ৰ শৈলী আছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

এই অনুষ্ঠানৰে পৰাই ড° দাসে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ লগতে চৰকাৰলৈও এই প্ৰাচীন পুথিসমূহৰ উপযুক্ত সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই। উল্লেখ্য যে, অনুষ্ঠানটোত উপস্থিত থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ধুবুৰী গোটৰ শাখা সমন্বয়ক ড° চন্দ্ৰকমল চেতিয়াই এই আপাহতে ভাৰতীয় নৃ-কুল গ্ৰন্থাগাৰ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ যৌথ প্ৰচেষ্টাত এই প্ৰাচীন পুথিসমূহৰ ডিজিটেলাইজেশ্যনৰ কাম কৰাৰ বাবে অনতিপলমে কাৰ্যপন্থা লোৱা হ'ব বুলি মন্তব্য কৰে। সভাৰ শেষত অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক হিৰণ্য কুমাৰ বৰাই সভাত উপস্থিত সকলোলৈকে শলাগৰ শৰাই আগবঢ়াই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in