/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/67ae6665-dddc-42f8-a1b2-0e7515f0412a/maharajat.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া : অসমৰ উচ্চ শিক্ষাৰ অন্যতম বাটকটীয়া স্বৰূপ ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ৰ মহাৰজত জয়ন্তী সামৰণি অনুষ্ঠানৰ ব্যাপক প্ৰস্তুতি চলিছে । উল্লেখ্য যে এক স্বৰ্ণিল শৈক্ষিক ইতিহাস বহন কৰি অহা নগাঁও মহাবিদ্যালয়ে বিগত সময়ত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্রীৰ জ্ঞান চক্ষু মুকলি কৰাৰ লগতে বিভিন্ন পৰীক্ষাৰ চমকপ্ৰদ ফলাফলেৰে উজলি উঠিছে ।
১৯৪৪ চনত স্বাধীনতা সংগ্রামী মতিৰাম বৰাৰ লগতে নগঞা একাংশ জ্ঞানপিপাসু আৰু সমাজহিতৈষী ব্যক্তিৰ কষ্ট আৰু ত্যাগৰ বিনিময়ত প্ৰতিষ্ঠা লাভ কৰা নগাঁও মহাবিদ্যালয়ে ২০২০ বৰ্ষত বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা ১০ বছৰৰ বাবে স্বতন্ত্ৰ মহাবিদ্যালয়ৰ স্বীকৃতি লাভ কৰে ।
আনহাতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ তিনিখন স্বতন্ত্ৰ মহাবিদ্যালয়ৰ ভিতৰৰে নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ) ক বিশ্ববিদ্যালয়ৰ মৰ্যাদা প্ৰদান কৰাৰ বিষয়ে ইতিমধ্যে ঘোষণা কৰিছে।
ইপিনে ২০১৯ বৰ্ষৰ ৭ আগষ্টত ৭৫ বছৰ সম্পূৰ্ণ কৰা নগাঁও মহাবিদ্যালয়ৰ মহৰজত জয়ন্তীৰ আৰম্ভণি অনুষ্ঠান ইতিপূৰ্বে বৰ্ণাঢ্য ৰূপত উদযাপিত হয়। বিগত দুটা বছৰত কোভিডকালীন জটিল পৰিস্থিতিৰ বাবে মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিব পৰা নাছিল। আনহাতে অহা ২৩ আৰু ২৪ ডিচেম্বৰত অনুষ্ঠিতব্য নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ বিস্তৃত কাৰ্যসূচী সন্দৰ্ভত নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র সন্মিলনীৰ সভাপতি তথা মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি বিধায়ক ৰূপক শৰ্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়াৰ লগতে গৰিমাণ্ডিত নগাঁও মহাবিদ্যালয়( স্বতন্ত্ৰ )ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত নগাঁও মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ- ছাত্রী, প্ৰাক্তন ছাত্র-ছাত্রী, শিক্ষক-কৰ্মচাৰী, শুভাকাংক্ষীকে প্ৰমুখ্য কৰি সকলোৰে উপস্থিতি আৰু সহযোগিতা কামনা কৰে।
কাৰ্যসূচী অনুসৰি ২৩ ডিচেম্বৰৰ পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই ।পুৱা ১০ বজাত স্মৃতি তৰ্পন কৰিব অসম কলেজ অধ্যক্ষ পৰিষদৰ সাধাৰণ সম্পাদক ড: ৰঞ্জন কুমাৰ কলিতাই।
পুৱা ১১ বজাত নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র তথা বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হব গুৰু-শিষ্য মিলন আৰু প্ৰাক্তন ছাত্র-ছাত্রীৰ সমাৰোহ। উক্ত সমাৰোহত নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র তথা গুৱাহাটী আই আই টিৰ উপ সঞ্চালক শচীন্দ্ৰ কুমাৰ কাকতিয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। আনহাতে বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র ড: চিন্তামণি শৰ্মাৰ সঞ্চালনাত প্ৰাক্তন ছাত্ৰ-ছাত্রীৰ সমাৰোহৰ প্ৰথম সত্ৰ আৰু নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ পুলিন চন্দ্ৰ বৰাৰ সঞ্চালনাত সমাৰোহৰ দ্বিতীয় সত্ৰ অনুষ্ঠিত হব।
উক্ত সমৰোহ উদ্বোধন কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰত অধ্যাপনা কৰি থকা নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র জগন্নাথ বিশ্বকৰ্মাই। পুৱা১১-৩০ বজাত উজৰাগাঁৱৰ শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গ্ৰাম্য বিজ্ঞান মেলা আৰু প্ৰদৰ্শনী দ্বাৰ মুকলি আনুষ্ঠানত গ্ৰাম্য বিজ্ঞান মেলাৰ দ্বাৰ উদ্বোধন কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিজ্ঞান গুৰু অধ্যাপক শৰৎ চন্দ্ৰ কাকতিয়ে আৰু প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক দিলীপ বৰাই ।
বিয়লি ৪ বজাত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট কন্ঠশিল্পী কুইন দাস আৰু কৃষ্ণমণি নাথে। সন্ধিয়া ৫ বজাত নগাঁও মহাবিদ্যালয় শিক্ষক গোটৰ দ্বাৰা 'পিয়লি ফুকন' নাট মঞ্চস্থ কৰা হব ।বিশিষ্ট অভিনেতা তথা নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ দীনেশ দাসে উক্ত নাট্যানুষ্ঠান উদ্বোধন কৰিব।
আনহাতে ২৪ ডিচেম্বৰৰ পুৱা ৮-৩০ বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব জনপ্ৰিয় অভিনেতা তথা নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ যতীন বৰা আৰু অভিনেত্ৰী প্ৰস্ত্ততি পৰাশৰে। বিয়লি ১ বজাত মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি বিধায়ক ৰূপক শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হবলগা মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসমৰ শিক্ষামন্ত্ৰী ডা: ৰনোজ পেগুৱে। মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব স্বাস্হ্য মন্ত্ৰী কেশৱ মহন্ত, অসম চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ননীগোপাল মহন্ত, বিধায়ক জিতু গোস্বামী আৰু কমনৱেলথ গেমচত স্বৰ্ণ বঁটা বিজয়ী ক্ৰীড়াবিদ নয়নমণি শইকীয়াই।
মুকলি সভাত সন্মানীয় অতিথি হিচাপে অসম চৰকাৰৰ উচ্চ শিক্ষা সচিব নাৰায়ণ কোঁৱৰ আৰু নগাঁও মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ডঃ শৰৎ দত্তই অংশগ্ৰহণ কৰিব । বিয়লি ৪ বজাত অনুষ্ঠিত হ'বলগা সাংস্কৃতিক অনুষ্ঠানত কন্ঠশিল্পী জুবলি আৰু দীক্ষু শৰ্মাৰ সংগীতানুষ্ঠানৰ লগতে বেহৰবাৰী আউটপ'ষ্টৰ মোহন আৰু কে.কে.ৰ বিশেষ অনুষ্ঠান অনুষ্ঠিত হব। সন্ধিয়া ৭৯ গৰাকী ছাত্ৰীৰ দ্বাৰা ৭৯ গছি বন্তি প্ৰজ্বলেনেৰে নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি পৰিব। নগাঁও মহাবিদ্যালয় ( স্বতন্ত্ৰ )ৰ মহাৰজত জয়ন্তী সামৰণি অনুষ্ঠানৰ সমূহ কাৰ্যসূচীত অধ্যক্ষ ড: শৰৎ বৰকটকীয়ে মহাবিদ্যালয়খনৰ ছাত্র-ছাত্রী, প্ৰাক্তন ছাত্র-ছাত্রী, শিক্ষক-কৰ্মচাৰী, প্ৰাক্তন শিক্ষক-কৰ্মচাৰী আৰু শুভাকাংক্ষীৰ অংশগ্ৰহণ আৰু সহযোগিতা কামনা কৰিছে ।
আৰু পঢ়ক : চিৰাঙৰ উপায়ুক্ত কাৰ্যালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ দপদপনি...