/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/46c194d8-c818-4e09-8f6b-195828e0974e/Mathurapur.jpg)
ডিজিটেল সংবাদ, মথুৰাপুৰঃ শনিবাৰে চৰাইদেউ জিলাৰ বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ অন্যতম ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান মথুৰাপুৰ শংকৰদেৱ শিশু নিকেতনত ২০২৩ বর্ষৰ মাতৃ সন্মিলনখন দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয় ৷ শিশুৰ সৰ্বাঙ্গীন বিকাশত মাতৃৰ ভূমিকা আৰু মাতৃসকলৰ কৰণীয় কামৰ বিষয়ে পৰ্যালোচনা কৰি মাতৃসকলক সজাগ কৰি তোলাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হয় মাতৃ সন্মিলনখনি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/862b9abc-ba2f-4b73-ad0f-c157803a8110/5da566be_6b97_4f43_93dc_e1ed383aff9f.jpg)
সন্মিলনখনিত পুৱা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে নিৰীক্ষক পবিত্ৰ গগৈয়ে ৷ ইয়াৰ পিছতে ৰূপালী ফুকনৰ সভাপতিত্বত মাতৃ সন্মিলনখনি অঞ্চলটোৰ শতাধিক মাতৃৰ অংশগ্ৰহণেৰে আৰম্ভ হয় ৷ অনুষ্ঠানত নিদিষ্ট বক্তা হিচাবে স্থানীয় শিক্ষয়িত্ৰী দীপা সন্দিকৈ উপস্থিত থাকি মাতৃসকলে শিশুৰ চৰিত্ৰ গঠন আৰু শাৰীৰিক-মানসিক উৎকৰ্ষ সাধনৰ বাবে গ্ৰহণ কৰিবলগীয়া বিভিন্ন পদক্ষেপৰ সম্পৰ্কত বিস্তৃত ব্যাখ্যা আগবঢ়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/86a0d3bc-c88b-47a1-a747-7e8a896ea7d3/cc6daf7e_eb94_4630_828e_8639215d8110.jpg)
লগতে মাতৃসকলক নিজ সন্তানৰ প্ৰতি দায়বদ্ধতাৰ ওপৰত বক্তব্য ৰাখে ৷ উক্ত অনুষ্ঠানতে মাতৃসকলে নিজৰ প্ৰতিভা সমূহ প্ৰদৰ্শন কৰে ৷ য’ত কেইবাগৰাকীও মাতৃয়ে অংশগ্ৰহণ কৰে বুলি জানিবলৈ দিছে নিকেতনখনৰ প্ৰধান আচাৰ্য্য টুটুমণি বৰগোহাঁইয়ে৷
Also Read: গোলাঘাটৰ দৈগ্ৰোং ৰাষ্ট্ৰীয় ঘাইপথত বিশাল চাইকেল ৰেলী...