/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/37051c4f-2196-4b62-9643-06e9d1cf9666/Doigrung.jpg)
ডিজিটেল সংবাদ, নুমলীগড় : গোলাঘাট মহকুমা ছাত্র সন্থাৰ উদ্যোগত দৈগ্ৰোঙৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত বিশাল চাইকেল ৰেলী। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অসম চৰকাৰ মাতৃ ভাষা মাধ্যম বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত সমগ্ৰ ৰাজ্যখনৰ লগতে দৈগ্ৰোঙত গোলাঘাট মহকুমা ছাত্র সন্থাৰ উদ্যোগত শনিবাৰে এক বিশাল চাইকেল ৰেলীৰ কার্যসূচী ৰূপায়ণ কৰে ।
অসম চৰকাৰে যষ্ঠ শ্ৰেণী আৰু সপ্তম শ্ৰেণীত মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰা কাৰ্যক সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ বিৰোধীতা কৰি এই সিদ্ধান্ত বাতিলৰ দাবীত ছাত্ৰ সন্থাই মাহজোৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ দৈগ্ৰোঙৰ ৰেলীত বিজেপি চৰকাৰ হায়-হায়, শিক্ষা বিভাগ মুৰ্দাবাদ, পুতলা শিক্ষামন্ত্ৰী কাম নাই, অসম চৰকাৰ মুৰ্দাবাদ, আছু জিন্দাবাদ আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তুলে।
Also Read: চিকিৎসালয়ত তাণ্ডৱ চলাই জে'ললৈ ৩ যুৱক...