হৰিনামৰ ধ্বনিৰে শংকৰ সংঘৰ অধিৱেশনৰ সামৰণি : ভাগৱত যাত্ৰাৰে বিশাল সাংস্কৃতিক শোভাযাত্ৰা

শ্ৰীমন্ত শংকৰদেৱ আছিল অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাপক : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
হৰিনামৰ ধ্বনিৰে শংকৰ সংঘৰ অধিৱেশনৰ সামৰণি : ভাগৱত যাত্ৰাৰে বিশাল সাংস্কৃতিক শোভাযাত্ৰা

ডিজিটেল সংবাদ,ৰঙিয়া : "জগতগুৰুজনাৰ ধৰ্মীয়,সাংস্কৃতিক আৰু আধ্যাত্মিকস্থল শংকৰ অধিৱেশনত অগণন ভকত বৈষ্ণৱৰ উপস্থিতিয়ে বৈকুণ্ঠপুৰীলৈ পৰিণত কৰিলে।ইয়াত উপস্থিত থাকি নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ,জাতিৰ প্ৰাণ প্ৰতিষ্ঠাপক শ্ৰীমন্ত শংকৰদেৱ।

১৯৩০ চনত নগাঁৱৰ পলাশসনিত শংকৰ সংঘৰ প্ৰতিষ্ঠা হৈছিল। ১৯৭০ চনত লখিমপুৰত অনুষ্ঠিত হৈছিল অধিৱেশন। সংঘৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ৰমাকান্ত বক্তিয়াৰ, কবি নীলমণি ফুকনৰ অৱদান সেয়া চিৰদিন চিৰস্মৰণীয়। নিজৰ লক্ষ্য আৰু আদৰ্শৰে অসমৰ বটবৃক্ষত প্ৰতিষ্ঠা হৈছিল গুৰুজনা।

যাৰ বাবে শ্ৰীমন্ত শংকৰদেৱৰ কোনো বিতৰ্ক নাই। তদুপৰি এই পৱিত্ৰ মঞ্চৰ পৰাই ১০০ সংখ্যক অধিৱেশন গুৱাহাটীত সফলভাৱে অনুষ্ঠিত কৰিবলৈ আহ্বান জনালোঁ । যাৰ জৰিয়তে ভাৰতবৰ্ষত সৰ্বশ্ৰেষ্ঠ অধিৱেশনৰূপে চিহ্নিত হ'ব পাৰিব ।" অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থতি থাকি এইদৰে কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

লগতে তেওঁ কয়- ইয়াৰ ভিতৰত শ্ৰীমন্ত শংকৰ সংঘৰ গুৰুত্বপূৰ্ণ দিশটো সংঘৰ তৃণমূল পৰ্যায়ত সবল ভেটি গঢ়ি তোলা । ৩৫০ খন আঞ্চলিক,৬৫০ খন প্ৰাথমিক শাখাকে ধৰি জিলা পৰ্যায়ত বৃহৎ সংঘ নিৰ্মাণ হৈছে ।

যি নিৰ্মাণে শৃংখলাময় সমাজ গঢ়াৰ লগতে যুৱবাণীৰে গুৰুজনাৰ আদৰ্শ গঢ়ি তুলি ড্ৰাগছ, মাদক দ্ৰব্যৰ সেৱনৰ পৰা বিৰত ৰাখি যুৱসমাজক এক আদৰ্শৰ বাট দেখুৱাইছে সংঘই । লগতে আইমাতৃসকলৰ অশেষ কষ্ট স্বীকাৰ প্ৰণাম আৰু সেৱা জনালোঁ ।

১০০ খনতকৈও অধিক হিন্দী, বাংলা ভাষাৰ গুৰুজনাৰ গ্ৰন্থকে ধৰি উত্তৰাকাণ্ড আৰু ৰামায়ণাকাণ্ড প্ৰকাশ পায়। তদুপৰি বিশ্ববিদ্যালয়ৰ ২২ টা বিভাগত গৱেষক শিক্ষাৰ্থীৰ উপৰিও ১৪০০ শিক্ষাৰ্থী উচ্চ শিক্ষা লবলৈ সক্ষম হয় । নতুন প্ৰজন্মক স্বাবলম্বী আৰু আত্মনিয়োগ কৰা উদ্দেশ্য সংঘৰ ক্ৰিফট এণ্ড ক্ৰেডিট সমবায় চছাইটিলৈ ৩ কোটি টকা আগবঢ়ালোঁ ।

আজি ৯৩ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনৰ হাতীখলা পথাৰৰ সমন্বয় ক্ষেত্ৰত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এনেদৰে গুৰুজনালৈ গভীৰ আলোকপাত আগবঢ়াই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। লগতে ভাষণ প্ৰসংগত বদৰুদ্দিন আজমলক অসমীয়া জাতীয় অনুষ্ঠানত নিমন্ত্ৰণ প্ৰদানৰ সিদ্ধান্তত বাপ বান্ধৱসকলক লৈ লজ্জা অনুভৱ কৰা কথা কোৱাৰ লগতে আজমলক সংঘই বিচাৰিলে নিশা টোপনি নহাৰ কথাও ভাষণত উল্লেখ কৰে।

ইয়াৰোপৰি জগতগুৰু জনাৰ অসমীয়া জাতিক লৈ বৌদ্ধিক, সাংস্কৃতিক আৰু আধ্যাত্মিক দিশত যি অৱদান দিলে সেয়া সনাতনী ধৰ্ম সংস্কৃতিৰ বাবে আদৰ্শৰ বাটকটীয়া, জনগোষ্ঠীয় চেতনা, গুৰুজনাই সকলো জাতি জনগোষ্ঠীক আকোঁৱালি লোৱা প্ৰাণ প্ৰতিষ্ঠা হৈছে । ভাৰতীয় ধ্ৰুপদী গ্ৰন্থ ৰচনা কৰি বিশাল কৰ্মৰাজিৰে সনাতন ধৰ্ম, সংস্কৃতিক ৫০০০ বছৰলৈ গঢ়ি তোলে বুলি কয় ।

সভাত বিশিষ্ট অতিথি হায়দৰাবাদৰ বিশিষ্ট শিক্ষাবিদ মাধৱীলতাই নাৰীসবলীকৰণ আৰু গুৰুজনাৰ আদৰ্শ, দৰ্শনবাদৰ ওপৰত বক্তৃতা প্ৰদান কৰে। পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই সভাপতিত্ব কৰা মুকলি সভা উদ্বোধন কৰে সংঘৰ উপদেষ্টা কমলাকান্ত গগৈয়ে।

আজিৰ সভাত নিৰ্দিষ্ট বক্তাৰূপে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° বিনোদ চন্দ্ৰ বৰা, শিশু,যুৱ আৰু আইমাতৃবক্তা,সাংসদ ভুবনেশ্বৰ কলিতা, বিধায়ক ভৱেশ কলিতা, দিগন্ত কলিতা, কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, প্ৰাক্তন পদাধিকাৰ ৰজনীকান্ত দত্ত, কেইবাগৰাকীও অতিথি উপস্থিত থাকে ।

পুৱা পৰিৱেশ নিকাকৰণ, প্ৰাতঃ প্ৰসংগৰ পিছতে পতাকা উত্তোলন কৰে পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই । তাৰপিছত ভাগৱত ভ্ৰমণেৰে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন শংকৰী সংস্কৃতিৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীৰ নৃত্য,ৰাম আৰু হনুমানৰ ৰূপ, কৃষ্ণৰ আংগিক ৰূপ আদি পৰিবেশিত হয় ।

মন্ত্ৰী ৰঞ্জিত দাসে অংশগ্ৰহণ কৰা শোভাযাত্ৰাত মৰাণজনাৰ হাতীখলা পথাৰৰ পৰা ৰঙিয়া হাইৱে চ'ক হৈ চহৰৰ মাজ মজিয়াৰে চছাইটিৰ চকেৰে হাতীখলা পথাৰৰ সমন্বয় ক্ষেত্ৰত শেষ হয় । আনহাতে সন্ধিয়া সংঘৰ পতাকা অৱনমনেৰে ৯৪ সংখ্যক অধিৱেশনৰ পতাকা গ্ৰহণ কৰা হয়।

তাৰপিছত সমূহীয়া প্ৰাৰ্থনা বাৰেৰহণীয়া সাংস্কৃতিক সমাৰোহ আৰু নাগাৰা নাম প্ৰদৰ্শনেৰে ৯৩ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়াৰ অধিৱেশনৰ সামৰণি পৰে ।

হৰিনামৰ ধ্বনিৰে শংকৰ সংঘৰ অধিৱেশনৰ সামৰণি : ভাগৱত যাত্ৰাৰে বিশাল সাংস্কৃতিক শোভাযাত্ৰা
আহমেদাবাদৰ পুনৰাবৃত্তি ! টীম ইণ্ডিয়াক হৰুৱাই অষ্ট্ৰেলিয়াৰ শিৰত বিশ্বজয়ৰ মুকুট

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in