আহমেদাবাদৰ পুনৰাবৃত্তি ! টীম ইণ্ডিয়াক হৰুৱাই অষ্ট্ৰেলিয়াৰ শিৰত বিশ্বজয়ৰ মুকুট

আহমেদাবাদৰ পুনৰাবৃত্তি ! টীম ইণ্ডিয়াক হৰুৱাই অষ্ট্ৰেলিয়াৰ শিৰত বিশ্বজয়ৰ মুকুট

author-image
Asomiya Pratidin
New Update
আহমেদাবাদৰ পুনৰাবৃত্তি ! টীম ইণ্ডিয়াক হৰুৱাই অষ্ট্ৰেলিয়াৰ শিৰত বিশ্বজয়ৰ মুকুট

ডিজিটেল ডেস্ক : এয়া যেন আহমেদাবাদৰ পুনৰাবৃত্তি ! আজিৰ পৰা প্ৰায় ৩মাহ পূৰ্বে আহমেদাবাদত স্বপ্ন ভংগ হৈছিল ভাৰতীয় ক্ৰিকেট দলৰ। ২০২৩বৰ্ষৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত মহাশক্তি অষ্ট্ৰেলিয়াৰ হাতত পৰাজয়বৰণ কৰি থমকি ৰৈছিল ভাৰতৰ বিজয় ৰথ।

Advertisment

আজি যুৱ এদিনীয়া বিশ্বকাপতো একে হ'ল। প্ৰতিপক্ষ একেই- অষ্ট্ৰেলিয়া। ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ দেওবাৰে ফাইনেলৰ সমুখ সমৰত নামিছিল দুই মহাশক্তি ভাৰত বনাম অষ্ট্ৰেলিয়া। প্ৰতিযোগিতাত অপৰাজেয় হৈ নমা ভাৰতে অৱশেষত ফাইনেল মেচত মুখ থেকেচা খাব লগা হয়।

ভাৰতৰ ইনিংছৰ আৰম্ভণিতে যেন ফলাফলৰ উমান পোৱা গৈছিল। স্ক'ৰ ব'ৰ্ডত ৩ ৰান হওতেই পতন ঘটিছিল অৰ্শিন কুলকাৰ্ণিৰ ৰূপত প্ৰথমটো উইকেট। ইয়াৰ পাছতে ৪০ ৰানত দ্বিতীয়টো উইকেটৰ পতন ঘটি বেটাৰসকলে একপ্ৰকাৰ ভাৰতৰ পৰাজয়ৰ বাট মুকলি কৰি গৈছিল।

কোনো এগৰাকী বেটাৰৰ নাই দায়িত্বশীল বেটিং। সময় নাই যেন ক্ৰিজত থাকি যুঁজ দিয়াৰ। অসহায় হৈ পৰা বেটাৰসকলৰ মাজতে মুৰুগান পেৰুমাল অভিষেকে শেষৰফালে ৪২ ৰানৰ বৰঙণি যোগায়। কিন্তু সেয়া যেন বিজয়ৰ বাবে পৰ্যাপ্ত নহয়।

অষ্ট্ৰেলিয়াই বান্ধি দিয়া ২৫৪ ৰানৰ বিজয় লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ উভতি আহিল ভাৰতীয় দল। কাৰ্যতঃ ৭৯ ৰানৰ ব্যৱধানত পৰাস্ত হৈ বিশ্বজয়ৰ পৰা বঞ্চিত হ'ল ভাৰতীয় ক্ৰিকেট দল।

Also Read: হাওৰাঘাটৰ ব্ৰহ্ম সমাজৰ পুৰোহিত সন্মিলনৰ সামৰণি

worldcup cricket