দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা শ্বহিদুল ইচলামে বিচাৰিছে সহায়...

দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা  শ্বহিদুল ইচলামে বিচাৰিছে সহায়...

ডিজিটেল সংবাদ, কলগাছিয়াঃ অসমীয়া প্ৰতিদিন কাকতৰ এজন নিষ্ঠাবান সংবাদ সেৱক খৰিচালা (হালধীয়া পাথাৰ) গাওঁৰ বাসিন্দা তথা দক্ষিণ হালধীয়া পাথাৰ ক্লাচটাৰৰ ছি আৰ ছি, কলগাছিয়া প্ৰেছ ক্লাৱৰ প্ৰাক্তন সম্পাদক শ্বহিদুল ইচলামে দীর্ঘদিন ধৰি মধুমেহ আৰু কৰ্কট ৰোগত ভুগি আছে। উল্লেখ্য যে ২০০৩ চনৰ পৰা ২০২০ চনলৈ কলগাছিয়া ষ্টেচনৰ পৰা সুদীর্ঘ ১৭ বছৰ প্ৰতিদিন কাকতলৈ সংবাদ সেৱা আগবঢ়াই আহিছে।

শাৰিৰীক অসুস্থতাৰ বাবেই সংবাদ ক্ষেত্ৰৰ পৰা অব্যাহতি লয় । বেমাৰ ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰে কেইবছৰ আগতে লিভাৰৰ অপাৰেশ্যন কৰি অলপ সুস্থ হৈ উঠিছিল আৰু ভালে কেইদিন সুস্থ ভাৱেই চলা-ফুৰা কৰি আছিল। কিন্তু যোৱা বছৰ অক্টোৱৰৰ পৰা আকৌ লিভাৰৰ সমস্যা দেখা দিয়াত গোৱালপাৰা "আল ছালাম হস্পিটালত ভৰ্তি হয়।

চিকিৎসকে পৰীক্ষা-নিৰীক্ষা কৰি গুৰুতৰ বুলি অৱগত হৈ অসমৰ বাহিৰলৈ যাবলৈ পৰামৰ্শ দিয়ে। চিকিৎসকৰ পৰামৰ্শ মতে যোৱা ৬ অক্টোবৰ(২০২৩)ত হায়দৰাবাদস্থিত AIG HOSPITAL লৈ যায়। তাতে দ্বিতীয়বাৰ লিভাৰৰ অপাৰেশ্যন কৰা হয় আৰু ২১ দিন পিছে পিছে ৬ টা কেমো দিয়া হয় । প্ৰতিটো কেমোৰ মূল্য ২ লাখ টকা। কিন্তু বিশেষ কোনো উপকাৰ নোহোৱাত আকৌ কেমো পৰিবৰ্তন কৰি দিয়া হয়।

দ্বিতীয় বাৰৰ ইনজেকশনে কিছু উপকাৰ হৈছে যদিও বৰ্তমান টকাৰ অভাৱত চিকিৎসা ল'ব পৰা নাই। চিকিৎসাৰ নামত ইতিমধ্যে সা-সম্পত্তি বিক্রী কৰি আৰু ঋন লৈ ২০ লক্ষাধিক টকা খৰচ হৈ গৈছে। ইফালে দুজন ল'ৰাৰ ডাঙৰজন নীট কোচিং কৰি আছে আৰু এজন সপ্তম শ্ৰেণীত পঢ়ি আছে যদিও পিতৃৰ জটিল ৰোগৰ চিকিৎসা বাবদ বহু টকা ব্যয় হোৱাত তেওঁলোকৰ জীৱনলৈ অমানিশা দেখা দিছে। এতিয়া পৰিয়ালটোৰে সৈতে প্ৰতিদিন কাকতৰ ন্যায়- নিষ্ঠাবান সাংবাদিকজনে বিচনাতে ককবকাই আছে সহৃদয়বানসকলৰ সহায়ৰ বাবে ।

দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা  শ্বহিদুল ইচলামে বিচাৰিছে সহায়...
মেৰাপানীত ধুমুহাই তচ্‌নচ্‌ কৰিলে কেইবাটাও পৰিয়াল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in