ঢকুৱাখনাত জাতিগত প্ৰমাণপত্ৰৰ নামত প্ৰশাসনৰ ভেঙুচালি

ঢকুৱাখনাত জাতিগত প্ৰমাণপত্ৰৰ নামত প্ৰশাসনৰ ভেঙুচালি

হাহাকাৰ হাজাৰ হাজাৰ আবেদনকাৰীৰ

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা মহকুমাত প্ৰশাসনীয় অদূৰদৰ্শিতাৰ বাবে জাতিগত প্ৰমাণ পত্ৰ (কাষ্ট চাৰ্টিফিকেট) লাভৰ পৰা চূড়ান্ত ভাবে বঞ্চিত হব লগা হৈছে গৰিষ্ঠ সংখ্যক আবেদনকাৰী । শিক্ষাৰ্থীৰ নাম ভৰ্তি ,ভূমি পঞ্জীয়নকে ধৰি বিভিন্ন চৰকাৰী কামত এই প্ৰমানপত্ৰ বাধ্যতামূলক কৰাৰ পৰিপ্ৰেক্ষিতত মহকুমাটোৰ গৰিষ্ঠ সংখ্যক আবেদনকাৰীয়ে বিধিগত প্ৰক্ৰিয়াৰে উক্ত প্ৰমানপত্ৰ লাভৰ বাবে আবেদন কৰিছিল ।

কিন্তু ঢকুৱাখনা মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ একাংশ শাখা বিষয়া আৰু বিভাগীয় দায়িত্ব প্ৰাপ্ত কৰ্মচাৰীৰ বেপৰোৱা ভূমিকাৰ বাবে সুদীর্ঘ দিন ধৰি এই প্ৰমানপত্ৰ লাভৰ পৰা বঞ্চিত হোৱাই নহয় সীমাহীন জ্বালা যন্ত্ৰণা ভোগী আহিব লগীয়া হৈছে আবেদনকাৰী সকল । প্ৰতিদিনে গাঁঠিৰ ধন ভাঙি বিভিন্ন কামত জৰুৰী বিবেচিত এই প্ৰমানপত্ৰ লাভৰ আশাত তাঁত বাতি কৰি আহিছে আবেদনকাৰী সকলে । কিন্তু এই কামত নিয়োজিত বিষয়া কৰ্মচাৰীৰ অদূৰদৰ্শিতাৰ বাবে দীৰ্ঘ দিন ধৰি এই প্ৰমানপত্ৰ লাভৰ পৰা বঞ্চিত হোৱাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে । 

"অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ  অনুসন্ধানত উন্মোচিত তথ্য মতে একাংশ আবেদনকাৰীয়ে ২০২২ বর্ষৰ পহিলা ডিচেম্বৰত এই প্ৰমানপত্ৰৰ বাবে বিধিগত ভাবে অনলাইন আবেদন কৰি ৰাজহ জমা দিছিল । ঢকুৱাখনা মহকুমাধিপতিলৈ প্ৰেৰণ কৰা উক্ত আবেদনৰ বিগত প্ৰায় ৪ মাহে কোনো সুদত্তৰ লাভ নকৰিলে অৰ্থাৎ প্ৰমাণপত্ৰ আবেদনকাৰী সকলে নাপালে । এনেকৈ প্ৰায় ৩-৪ হাজাৰ আবেদন মহকুমাধিপতিৰ বিভাগীয় শাখাত মজুত হৈ থকা বুলি জানিব পৰা গৈছে ।

জনা মতে এই প্ৰমানপত্ৰ নিৰীক্ষণৰ দায়িত্ব সহকাৰী আয়ুক্তক প্ৰদান কৰিছে মহকুমাধিপতিয়ে । কিন্তু এনেবোৰ বেপৰোৱা বিষয়াই আবেদনকাৰীৰ জৰুৰী প্ৰয়োজনীয়তালৈ কোনো গুৰুত্ব আৰোপ নকৰি  নিবোকা চামুন হৈ বহি থকাৰ বাবে ব্যাপক অনিশ্চয়তা আৰু সংশয়ত দিন কটাব লগীয়া হৈছে আবেদনকাৰী সকল । এনেবোৰ অকমন্য বিষয়া কৰ্মচাৰীৰ উদাসীন ভূমিকাৰ বাবে একাংশ নাগৰিকে ভূমি সংক্ৰান্তীয় আবেদন, চাকৰি নথিপত্ৰ পৰীক্ষণ, বিদ্যায়তনিক নাম ভৰ্তিকে ধৰি বহু জৰুৰী আৰু গুৰুত্বপূৰ্ণ সেৱা লাভত ব্যাপক প্ৰতিবন্ধকতাই দেখা দিছে। উল্লেখ্য যে আবেদনকাৰী সকলক চৰকাৰী আবেদন পৰ্টেলৰ তৰফৰ পৰা প্ৰদান কৰা নথিত সম্ভাব্য প্ৰমাণ পত্ৰ লাভৰ দিন ১ মাহ নিৰ্ধাৰণ কৰি দিছে ।

কিন্তু  ঢকুৱাখনাত কেৱল চৰকাৰী  প্ৰশাসনীয় শাখা বিষয়া আৰু মতলবি কৰ্মচাৰীৰ  বেপৰোৱা স্থিতিৰ বাবে এয়া ধোঁৱা চাঙত উঠিছে।  সাৰ্বজনীন, সহজলভ্য আৰু সুশাসন প্ৰদানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা এই অনলাইন আবেদন ব্যৱস্থালৈ চৰম ভ্ৰূকুটি দেখুৱাই ঢকুৱাখনা মহকুমা প্ৰশাসনে আবেদনকাৰী নাগৰিকৰ ওপৰত চলাই অহা প্ৰশাসনিক নিৰ্যাতনকলৈ এতিয়া অতিষ্ঠ হৈ পৰিছে ভুক্তভোগী ।

ঢকুৱাখনাৰ একাংশ সোৰোপা প্ৰশাসনীয় বিষয়া কৰ্মচাৰীৰ অৱহেলা আৰু কৰ্মবিমুখ ভূমিকাৰ বাবে ভুক্তভোগী হাজাৰ বিজাৰ আবেদনকাৰীয়ে নিৰ্ধাৰিত সময়ত এই প্ৰমাণ পত্ৰ লাভ নকৰাই নহয় চাকৰিৰ নথি পৰ্যবেক্ষণৰ সময়ত এনে প্ৰমাণপত্ৰ উপলব্ধ নোহোৱাত এক জটিল পৰিস্থিতিৰ সম্মুখীন হোৱাৰ আশংকাত চিন্তিত হৈ পৰিছে । এই ক্ষেত্ৰত একাংশ ভুক্তভোগীয়ে মুখ্যমন্ত্ৰীলৈ অভিযোগ প্ৰেৰণ কৰা বুলি জনা গৈছে । এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ আৰু উচ্চস্তৰীয় তদন্তইহে সঠিক তথ্য  পোহৰলৈ আনি আবেদনকাৰী সকলক প্ৰাপ্য প্ৰদান সম্ভৱ হব ।

ঢকুৱাখনাত জাতিগত প্ৰমাণপত্ৰৰ নামত প্ৰশাসনৰ ভেঙুচালি
সন্মিলিত গণশক্তি-নাৰী শক্তি অসমৰ কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনৰ ব্যাপক প্ৰস্তুতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in