/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/997813ea-672a-4e64-8abb-a9ae74dce540/ganashakti.jpg)
ডিজিটেল সংবাদ ,ঢকুৱাখনা : ৰাজ্যখনৰ অন্যতম আঞ্চলিক ৰাজনৈতিক দল সন্মিলিত গণশক্তি অসমৰ ষষ্ঠ ত্রিবাৰ্ষিক সাধাৰণ অধিৱেশন আৰু ভগ্নী সংগঠন সন্মিলিত নাৰী শক্তি অসমৰ তৃতীয় ত্রিবাৰ্ষিক সাধাৰণ অধিৱেশনখন অহা ১০,১১ আৰু ১২ মাৰ্চত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে ঢকুৱাখনাত ।
ঢকুৱাখনা নগৰৰ টাউন তিনিআলিৰ তিতা ৰাম গগৈ ক্ষেত্ৰত অনুষ্ঠিত সাধাৰণ অধিৱেশনৰ প্ৰথম দিনা পুৱা কেন্দ্ৰীয় সমিতিৰ অন্তিম বৈঠক অনুষ্ঠিত হোৱাৰ পাছত প্ৰতিনিধি সভা উদ্বোধন কৰিব সন্মিলিত গণশক্তি অসম দলৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি সুনীল কুমাৰ পেগুৱে । ১১ মাৰ্চৰ দ্বিতীয় দিনা পুৱা ৮ বজাত পতাকা উত্তোলন কৰিব গণশক্তি দলৰ সভাপতি পৰমানন্দ চায়েঙীয়াই ।
৯-৩০ বজাত স্মৃতি তৰ্পণ কৰিব দলৰ সাধাৰণ সম্পাদক হিৰণ্য দত্তই । দুপৰীয়া প্ৰথমখন কৰ্মশালা কৃষি আৰু উদ্যান শস্য (ভোট জলকীয়া আৰু কলা চাউল)ত সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰিব মাজুলী জিলাৰ জিলা কৃষি বিষয়া ডঃ ইৰছাদ আলি, ধেমাজি জিলাৰ মহকুমা কৃষি বিষয়া ভৱজিত দলে, লখিমপুৰ জিলাৰ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া ঘনশ্যাম দত্তই। দ্বিতীয়খন কৰ্মশালা "বিজ্ঞানসন্মত মীন পালন"ত সমল ব্যক্তি হিচাবে লখিমপুৰ জিলাৰ চিয়াজুলিৰ মধুকোলা একোৱাটিক ফাৰ্মৰ স্বতাধিকাৰী বিকুল গোস্বামী, তৃতীয়খন কৰ্মশালা "ৰেচম শিল্প" ৰ সমল ব্যক্তি হিচাবে ঢকুৱাখনা মুগা সঁচ উন্নয়ন প্ৰকল্পৰ অধীক্ষক অশ্বিনী কলিতা, পশু পালন বিষয়ক কৰ্মশালাত সমল ব্যক্তি হিচাবে ধেমাজি জিলাৰ গোগামুখ ৰাজ্যিক পশু চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ অনিল কুমাৰ পেগু,আৰু "জীৱন জীৱিকা অভিযানক আগুৱাই নিয়াত আমাৰ ভূমিকা" শীৰ্ষক কৰ্মশালাত সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰিব সন্মিলিত গণশক্তি অসম দলৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৰমানন্দ চায়েঙীয়াই ।
বিয়লিলৈ পুনৰ আৰম্ভ হব প্ৰতিনিধি সভা। তৃতীয় দিনা আলোচনাচক্ৰৰ সঞ্চালনা কৰিব সন্মিলিত নাৰী শক্তি অসমৰ সভানেত্ৰী ভৱানী দুৱাৰাই । এই কার্যসূচীত নাৰী অধিকাৰ আৰু আইনী সুৰক্ষা শীৰ্ষক আলোচনাচক্ৰত সমল ব্যক্তি হিচাবে বিশিষ্ট অধিবক্তা বুলু মণি দত্তই , "সন্তানৰ মানসিক বিকাশত মাতৃৰ ভূমিকা" শীৰ্ষক আলোচনাচক্ৰত সমল ব্যক্তি হিচাবে ধেমাজি জিলা পঞ্চায়ত সমল কেন্দ্ৰৰ নিৰীক্ষণ আৰু মূল্যায়ন বিষয়া কামাখ্যা প্ৰসাদ বৰুৱাই আৰু "শ্ৰমিক আইন আৰু ইয়াৰ সফল প্ৰয়োগ" শীৰ্ষক আলোচনা চক্ৰত লখিমপুৰ জিলা শ্ৰম বিষয়া ব্ৰজেন বৰাই অংশ গ্ৰহণ কৰিব ।
গণশক্তি দল আৰু নাৰীশক্তিৰ প্ৰায় দুই হাজাৰ পাঁচশ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিব লগীয়া এই কেন্দ্ৰীয় অধিবেশন সূচাৰু ৰূপে সাফল্য মণ্ডিত কৰিবলৈ দলৰ সভাপতি পৰমানন্দ চায়েঙীয়া, সাধাৰণ সম্পাদক হিৰণ্য দত্ত, ৰাজু খনিকৰ আৰু পুৰুষোত্তম দলেয়ে যৎপৰোনাস্তি প্ৰয়াস চলাই গৈছে । সম অধিকাৰ, সম মৰ্যাদা আৰু সম উন্নয়নক মূলমন্ত্ৰ হিচাবে লৈ ২০০৫ চনৰ ২০ নৱেম্বৰত আত্মপ্ৰকাশ কৰা এই আঞ্চলিক দলটোৰ কেন্দ্ৰীয় অধিবেশনখন সৰ্বতো প্ৰকাৰে সফল কৰিবলৈ দল মত নিৰ্বিশেষে সকলো ৰাইজৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে অভ্যৰ্থনা সমিতিৰ সভাপতি লক্ষী কোঁৱৰ, কাৰ্যকৰী সভাপতি ডিম্বেশ্বৰ দাস আৰু সম্পাদক যতীন পেগুৱে।