লামডিং সংমণ্ডলৰ অধীনস্থ কেইবাখনো ৰে'ল বাতিল

লামডিং সংমণ্ডলৰ অধীনস্থ কেইবাখনো ৰে'ল বাতিল

ডিজিটেল সংবাদ,লামডিং : কপিলী,বৰপানী আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ লামডিং সংমণ্ডলৰ অধীনস্থ কেইবাখনো ৰে'ল বাতিল কৰা হৈছে। আনফালে পাহাৰীয়া জিলা ডিমাহাছাওৰ কেইবাটাও অঞ্চল বানৰ কবলত পৰিছে ।

ৰে'ল লাইনৰ ওপৰেদি জল প্ৰৱাহিত হোৱাৰ বাবে পাহাৰীয়া অঞ্চলটোৰ কেইবাখনো ৰে'ল বাতিল কৰিবলৈ বিভাগ বাধ্য হয় । অহা ২ আৰু ৩ জুনলৈ বাতিল হোৱা ৰে'লসমূহ হৈছে ১৫৬১৬ নম্বৰৰ শিলচৰ-গুৱাহাটী ৰে'ল, ১৫৬১৫ নম্বৰৰ গুৱাহাটী-শিলচৰ ৰে'ল, ০৫৬৫৯ নম্বৰৰ শিলচৰ-জিৰিবাম চিৰিবা ৰে'ল।

আনহাতে ০৫৬৬০ নম্বৰৰ জিৰিবাম চিৰিবা -শিলচৰ ৰে'ল, ০৫৫৬৭ নম্বৰৰ শিলচৰ-মণিপুৰ ভৈৰবী ৰে'ল ,০৫৫৬৮ মণিপুৰ ভৈৰবী- শিলচৰ আৰু ০৫৬৮৭ নম্বৰৰ দুৰ্লভচাৰ -শিলচৰ ৰে'ল তথা ১৫৬১৮ নম্বৰৰ দুৰ্লভচাৰা-গুৱাহাটী ৰে'লকে ধৰি মুঠ ৮খন যাত্ৰীবাহী ৰে'ল চলাচল বন্ধ কৰে।

তদুপৰি আংশিকভাৱেও কেইবাখনো ৰে'ল বাতিল কৰা হৈছে। ৰে'ল বাতিলৰ পিছতেই যাত্ৰীসকলৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ।

লামডিং জংচনত আৱদ্ধ হৈ থকা যাত্ৰীসকলকো আজি লামডিং বাণিজ্য বিভাগৰ পৰা দিনৰ আহাৰ যোগান ধৰাৰ লগতে অসুবিধাৰ সন্মুখীন হোৱা যাত্ৰীক খাদ্য যোগান ধৰে ।

লামডিং সংমণ্ডলৰ অধীনস্থ কেইবাখনো ৰে'ল বাতিল
ৰঙিয়াত লোকসভা নিৰ্বাচনৰ ভোট গণনাৰে জড়িত বিষয়া-কৰ্মচাৰীৰ প্ৰশিক্ষণ সামৰণি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in