ঘৃণনীয়ঃ পঞ্চম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন শিক্ষকৰ...

গহপুৰত টেট শিক্ষকৰ জঘন্য কাণ্ডত লজ্জানত শিক্ষক সমাজ
শিক্ষক ৰমাকান্ত পাঠকক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ
শিক্ষক ৰমাকান্ত পাঠকক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ

ডিজিটেল সংবাদ, ছয়দুৱাৰ : ঘৃণনীয়, অবৰ্ণনীয়। এগৰাকী শিক্ষকৰ কৰ্মকাণ্ডই লজ্জানত কৰিছে শিক্ষক সমাজক। শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিত দাগ লগালে এগৰাকী লম্পট শিক্ষকে। এই ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাত।

বাল্য বিবাহক লৈ সমগ্ৰ অসম উত্তাল হৈ থকাৰ সময়তে এগৰাকী নাবালিকাক যৌন উৎপীড়ন চলাই নিজৰ পদমৰ্য্যদা কলংকিত কৰি বিতৰ্কৰ মাজত সোমাই পৰিছে এগৰাকী টেট শিক্ষক। নাম তেওঁৰ ৰমাকান্ত পাঠক(৪০)।

লখিমপুৰ জিলাৰ অন্তৰ্গত পথালি পাহাৰৰ বাসিন্দা এইগৰাকী লম্পট চৰিত্ৰৰ টেট শিক্ষকে গহপুৰ মহকুমাৰ ছয়দুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত টকৌবাৰী প্ৰাথমিক বিদ্যালয়ত ২০১৮ চনৰ পৰা শিক্ষকতাৰ দৰে পবিত্ৰ কৰ্মত নিয়োজিত হৈ আছে যদিও এইগৰাকী চৰিত্ৰহীন শিক্ষকৰ শেহতীয়া এক জঘন্য কাণ্ডক লেই লেই চেই চেই কৰিছে অঞ্চলটোৰ শৈক্ষিক সমাজে।

বিদ্যালয়খনৰ ১৩ বছৰীয়া এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীক অংক শিকাবলৈ বুলি নিজৰ ভাড়া ৰুমলৈ মাতি নি যৌন উৎপীড়ন চলোৱা লম্পট শিক্ষক ৰমাকান্ত পাঠকৰ বিৰুদ্ধে উত্থাপিত হৈছে অভিযোগ। অভিযোগ অনুসৰি যোৱা ৪ ফ্ৰেব্ৰুৱাৰীত বিদ্যালয়খনত গুণোৎসৱৰ কাৰ্যসূচী থকাৰ বাবে গুণোৎসৱত অংকৰ পাৰদৰ্শিতা দেখুওৱাবলৈ পঞ্চম শ্ৰেণীৰ ছাত্ৰীগৰাকীক অংক বিষয়ত কিছু পাৰদৰ্শী কৰি তুলিবলৈ নিজৰ ভাড়া ৰুমলৈ মাতি নিয়ে শিক্ষক ৰমাকান্ত পাঠকে।

এইক্ষেত্ৰত ভুক্তভোগী ছাত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয় যে শিক্ষকগৰাকীৰ কথা মতে যোৱা ৩১ জানুৱাৰীৰ বিয়লি প্ৰায় ৪ বজাত শিক্ষকগৰাকীৰ ভাড়া ৰুমত অংক শিকিবলৈ বুলি অকলশৰে উপস্থিত হয় ছাত্ৰীগৰাকী। ইয়াৰ পাছতে শিক্ষকগৰাকীয়ে তেওঁক অংক শিকোৱাৰ পৰিবৰ্তে বিছনাত পেলাই লৈ দেহৰ বিভিন্ন আপত্তিজনক অংশত বলপূৰ্বক হাত দি যৌন উৎপীড়ন চলায়।

ৰুমৰ দুৱাৰ আৰু লাইট বন্ধ কৰি কিছু সময় ধৰি যৌন উৎপীড়ন চলোৱা শিক্ষকগৰাকীয়ে আনকি তেঁওৰ অন্তৰ্বাস পৰ্যন্ত খুলি দিয়ে বুলি উল্লেখ কৰে ছাত্ৰীগৰাকীয়ে। ইয়াৰোপৰি শিক্ষকগৰাকীয়ে মাজে মাজে ম'বাইলত অশ্লীল ভিডিঅ'য়ো চাবলৈ বাধ্য কৰে ছাত্ৰীগৰাকীক।

শিক্ষকগৰাকীৰ এনে ঘৃণনীয় আচৰণত ছাত্ৰীগৰাকীয়ে বাধা দিছিল যদিও শিক্ষকগৰাকীয়ে কিন্তু অসহায় ছাত্ৰীগৰাকীৰ কথালৈ গুৰুত্ব দিয়া নাছিল। ইয়াৰ বিপৰীতে এই বিষয়ে পিতৃ-মাতৃ বা ঘৰৰ মানুহক নক'বলৈ তেওঁ ছাত্ৰীগৰাকীক ভয়-ভাবুকি দিছিল। শিক্ষকগৰাকীৰ ভয়-ভাবুকিত প্ৰথম অৱস্থাত ছাত্ৰীগৰাকীয়ে মুখ খোলা নাছিল যদিও কালি ছাত্ৰীগৰাকীয়ে শিক্ষকগৰাকীয়ে কৰা উক্ত জঘন্য কাণ্ডৰ বিষয়ে পিতৃ-মাতৃক অৱগত কৰে।

ইয়াৰ পিছতে টকৌবাৰী গাঁৱৰ ৰাইজৰ মাজত বিয়পি পৰে শিক্ষকগৰাকীয়ে ছাত্ৰীগৰাকীক কৰা উক্ত আপত্তিজনক বিষয়টো। তদুপৰি বুধবাৰে ছাত্ৰীগৰাকীৰ লগতে পিতৃ-মাতৃ আৰু গাঁৱৰ ৰাইজে বিষয়টো টকৌবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কমলা কাৰ্কীক অৱগত কৰে। ইপিনে অভিযুক্ত শিক্ষক ৰমাকান্ত পাঠকে তেওঁৰ বিপদ নিশ্চিত বুলি ভাবি আজি বিদ্যালয় চলি থকাৰ মাজৰ পৰা সুযোগ বুজি পলায়ন কৰে বুলি জানিবলৈ দিয়ে।

ম'বাইল ফোনৰ ছুইছ অফ কৰি পলায়ন কৰা শিক্ষক ৰমাকান্ত পাঠকৰ বিৰুদ্ধে আজি হেলেম আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ছাত্ৰীগৰাকীৰ পিতৃয়ে। আজি দুপৰীয়া বিদ্যালয়ত সমবেত হোৱা স্থানীয় ৰাইজে অভিযুক্ত শিক্ষক ৰমাকান্ত পাঠকক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত বিভিন্ন প্ৰতিবাদী শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে।

টেট শিক্ষক ৰমাকান্ত পাঠকক গ্ৰেপ্তাৰ কৰক,নাবালিকা ছাত্ৰীৰ ওপৰত যৌন নিৰ্য্যাতন নচলিব আদি শ্ল'গানেৰে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা ৰাইজে শিক্ষক ৰমাকান্ত পাঠকক চাকৰিৰ পৰা বৰ্খাস্তৰ দাবী তুলিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in