বিশেষ ক্রীড়া প্রশিক্ষণ, ESIC ডাক্তৰ ছাৰ্ভিচ ২০২০ৰ সংশোধনৰে বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ...

বিশেষ ক্রীড়া প্রশিক্ষণ, ESIC ডাক্তৰ ছাৰ্ভিচ ২০২০ৰ সংশোধনৰে বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ...

ডিজিটেল ডেস্কঃ শুকুৰবাৰে কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহন কৰা হৈছে । আজিৰ কেবিনেটে ঘোষণা কৰিছে ‘অলিম্পিক ভেলু অব এক্সচেলেন্স‘ কাৰ্যসূচী গ্ৰহণ কৰিব চৰকাৰে । মহানগৰীৰ আশে-পাশে থকা প্ৰায় ২৫০খন বিদ্যালয়ত আৰম্ভ হ’ব বিশেষ ক্রীড়া প্রশিক্ষণ । ক্ৰীড়াৰ ক্ষেত্ৰত অধিক বিকাশৰ বাবে ২০২৪-২০২৭ বৰ্ষৰ ভিতৰত প্ৰায় ৬কোটি ব্যয়ৰে অভিনৱ বিন্দ্রা ফাউণ্ডেশ্যন ট্ৰাষ্টৰ সহযোগত হ’ব এই প্রশিক্ষণ ।

ৰাইট টু পাব্লিক ছাৰ্ভিচৰ আধ্যাদেশ ২০২৩ক অনুমোদন কৰিছে হিমন্ত কেবিনেটে । চৰকাৰী কৰ্মৰ বিষয়াৰ গাফিলতি দাখিল কৰিব পৰাকৈ গঠন হ’ব আয়োগ । এই আয়োগত থাকিব এজন অধ্যক্ষ আৰু দুজন আয়ুক্ত । কৰ্তব্যত গাফিলতি কৰা বিষয়াক আয়োগে জবাবদিহি কৰাৰ লগতে বিহিব লাগিব জৰিমনা।

আসাম ESIC ডাক্তৰ ছাৰ্ভিচ ২০২০ৰ সংশোধন । ESICৰ চিকিৎসকৰ পদোন্নতিৰ ক্ষেত্রত শিথিলতা গ্ৰহণ কৰিছে । প্রশাসনীয় চিকিৎসা বিষয়াৰ পদোন্নতিৰ ক্ষেত্রত অভিজ্ঞতাৰ সময় হ্রাস কৰাৰ সিদ্ধান্ত । অভিজ্ঞতাৰ সময় ৫ বছৰৰ পৰা ২ বছৰলৈ হ্রাস কৰাৰ প্ৰয়াস। চৰকাৰী আঁচনিৰ ক্ষেত্রত হোৱা অনিয়ম ৰোধৰ বাবে গ্ৰহণ কৰিছে ব্যৱস্থা ।

DBT ক্ষেত্রত ডিজিটেল প্লেটফৰ্মৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত । GST আইনৰ সংশোধনেৰে ৰাজ্যিক GST আপীল ন্যায়াধীকৰণ গঠন হ'ব । GSTৰ ক্ষেত্রত অভিযোগ থাকিলে এই ন্যায়াধীকৰণত অভিযোগকাৰীয়ে দিব পাৰিব অভিযোগ । অহা ১৯, ২০ জুনত মুকলি কৰা হ’ব ৩৭খন নতুনকৈ নিৰ্মিত আদৰ্শ বিদ্যালয়।

অহা ২৮, ২৯ জুনত গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অংশগ্রহণকাৰীক প্ৰদান কৰা হ'ব মাননি। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিহুৱতী আৰু ঢুলীয়াক দিয়া হ’ব ২৫ হাজাৰকৈ টকা । প্রতি জিলাত সভা অনুষ্ঠিত কৰি প্রদান কৰা হ’ব আৰ্থিক অনুদান আৰু মানপত্র । চাহ খেতিয়কসকলক আগন্তুক ৩ বছৰলৈ কৰ ৰেহাই প্ৰদান কৰা হ'ব ।

বিশেষ ক্রীড়া প্রশিক্ষণ, ESIC ডাক্তৰ ছাৰ্ভিচ ২০২০ৰ সংশোধনৰে বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ...
কৰ্মত গাফিলতিঃ প্ৰধান শিক্ষয়িত্ৰীক নিলম্বন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in