/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/b2901791-7075-432c-be52-822c20d161cb/lakhimpur_school.jpg)
ডিজিটেল ডেস্কঃ লখিমপুৰৰ নাওবৈচাত বৃহস্পতিবাৰে প্রাথমিক বিদ্যালয়ত উপায়ুক্তৰ ছাডেন ভিজিট । কিমিন এক্স কলনী প্রাথমিক বিদ্যালয়ত উপস্থিত উপায়ুক্ত সুমিত সাত্তাৱান । ৯.৩০ বজালৈ উপস্থিত নাই প্রধান শিক্ষয়িত্রী আৰু সহকাৰী শিক্ষকৰ । উপায়ুক্ত উপস্থিত হোৱাৰ পিছতহে দুয়োগৰাকী শিক্ষক উপস্থিত হ'ল বিদ্যালয়ত।
দীৰ্ঘদিনে অঞ্চলবাসী ৰাইজে সময়মতে শিক্ষক বিদ্যালয়ত উপস্থিত নোহোৱাৰ অভিযোগ দি আহিছিল । উপায়ুক্তগৰাকীয়ে নিজে বিদ্যালয়খনত উপস্থিত হৈ সময়মতে প্রধান শিক্ষয়িত্ৰী আৰু সহকাৰী শিক্ষক উপস্থিত নোহোৱা প্ৰত্যক্ষ কৰি দুয়োগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ নির্দেশ প্ৰদান কৰিছিল। বিদ্যালয়খনত মধ্যাহ্ন ভোজনৰ নামতো কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈ আহিছে । আজিৰ দিনটোতে প্ৰধান শিক্ষয়িত্ৰী ইভাৰাণী চেতিয়াক নিলম্বন কৰা হৈছে ।
Also Read: গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃত্ৰিম বান সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ বৈঠক...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us